AssamInternationalআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

ৰাছিয়াৰ ডাগেস্তান প্ৰদেশৰ বিমানবন্দৰত হাহাকাৰ পৰিস্থিতি

ৰাছিয়াৰ ডাগেস্তান প্ৰদেশৰ বিমানবন্দৰত হাহাকাৰ পৰিস্থিতি

ৰাছিয়াৰ ডাগেস্তান প্ৰদেশৰ বিমানবন্দৰত হাহাকাৰ পৰিস্থিতি। ইজৰাইলৰ পৰা অহা এখন বিমানক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাখাচাকালা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। ডাগেস্তান ৰাছিয়াৰ এখন মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশ। ৮০% নাগৰিকেই ইছলাম ধৰ্মাৱলম্বী।

তেল আভিভৰ পৰা মাখাচাকালালৈ অহা ৰেড উইঙচ ফ্লাইটৰ বিমানখনত ইহুদী লোক অহা বুলি প্ৰচাৰ হোৱাৰ লগে লগে হাজাৰ হাজাৰ স্থানীয় লোকে বিমানবন্দৰত বলপূৰ্বক প্ৰৱেশ কৰে। সকলো নিৰাপত্তা বেৰিকেড ভাঙি হাজাৰ হাজাৰ লোকে বিমানবন্দৰৰ বিমান ৰখোৱা স্থানত উপস্থিত হৈ সংশ্লিষ্ট বিমানখনত আক্ৰমণ চলায়।

এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় বিমানবন্দৰটোত। বিমানখনৰ পাইলটে কোনো এখন দুৱাৰেই যাতে খোল নাখাই তাৰ বাবে  কঠোৰ ব্যৱস্থা লয়। পিছত ৰাছিয়াৰ সেনা আহি সংঘৰ্ষত লিপ্তসকলক খেদি পঠিয়াই। বহুকেইজনক গ্ৰেপ্তাৰো কৰে ৰাছিয়ান গাৰ্ডে। ইফালে, হোটেলত আশ্ৰয় লোৱা এজন ইহুদী লোককো হাজাৰ হাজাৰ লোকে হোটেলখনতে আৱদ্ধ কৰি ৰাখে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button