Social

গাত আঁৰি লৈছে ২২ টাকৈ হেলমেট! অথচ ভৰিব লগা হ’ল জৰিমনা

ভৰিব লগা হ’ল জৰিমনা

 

গাৰ সোঁৱে-বাওৱে কেৱল হেলমেট l এটা দুটা নহয়, গাত আঁৰি লৈছে ২২ টাকৈ হেলমেট l অথচ বিপদে লগ এৰা নিদিলে l

২২ টাকৈ হেলমেট থকাৰ পিছতো ভৰিব লগা হ’ল জৰিমনা। গোতেই গাতে হেলমেট থাকিল,অথচ মুৰত নাথাকিল হেলমেট। আৰু লগে লগে গড়মুৰ থানায়ো নেৰিলে সুযোগ।

সুদুৰ উত্তৰপ্ৰদেশৰ পৰা মাজুলীলৈ আহিছিল হেলমেট বি

ভৰিবলগাহ’লজৰিমনা
ভৰিব লগা হ’ল জৰিমনা

ক্ৰেতা। মাজুলীৰ বিভিন্নস্থানত এওলোকে বিক্ৰী কৰিছে হেলমেট।পিছে আনক হেলমেট পিন্ধা উপদেশ দি নিজে হেলমেট পিন্ধিবলৈ পাহৰি গ’ল এইসকল বপুৰাই l গড়মুৰ থানাৰ সন্মুখতে ধৰিলে আৰক্ষীয়ে।

হেলমেট নিপিন্ধিলে এতিয়া বিপদ অনিবাৰ্য। এইক্ষেত্ৰত কঠোৰ হৈছে পৰিবহন বিভাগ। সময়ে সময়ে ৰাজ্যৰভিন্ন স্থানতো হেলমেটকলৈ চলি থাকে তালাচী।

গতিকে ঘৰৰ পৰা বাইকখনলৈ ওলাই আহোতে হেলমেট পৰিধান কৰিবলৈ আপুনিও নাপাহৰিব।ৰাজপথত কেৱল পুলিছে ৰৈ নাথাকে, থাকে  বিপদো।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.