জীৱনশৈলীজ্যোতিৰ্বিজ্ঞান

ঘৰৰ ভিতৰত ভুলটো নাৰাখিব এইকেইটা সামগ্ৰী। কি এই সামগ্ৰী চাওঁক

বাস্তু শাস্ত্ৰৰ মতে, মানুহে ঘৰৰ ভিতৰত কিছুমান সামগ্ৰী ৰাখিব নালাগে

বাস্তু শাস্ত্ৰ। প্ৰায় সকলো মানুহে বিশ্বাস কৰে বাস্তু শাস্ত্ৰত। নিজৰ নিজৰ ঘৰখনত সুখ শান্তি বৰ্তাই ৰাখিবলৈ বহুলোকে মানি চলে বাস্তু শাস্ত্ৰ। ঘৰ এখনত ক’ত কি বস্তু ৰাখিব আদিকে ধৰি সকলো কাম কৰাৰ ক্ষেত্ৰত মানি চলে বাস্তু শাস্ত্ৰ।

 

বাস্তু শাস্ত্ৰৰ মতে, মানুহে ঘৰৰ ভিতৰত কিছুমান সামগ্ৰী ৰাখিব নালাগে। আৰু কিছুসংখ্যক সামগ্ৰী নিৰ্দিষ্ট স্থানতহে থ’ব লাগিব। বাস্তু শাস্ত্ৰ অনুসৰি, আমি কি কি সামগ্ৰী ভিতৰত ৰাখিব নালাগে জানো আহক।

 

১. ঘৰৰ দেৱালত কেতিয়াও হিংস্ৰ জন্তুৰ ফটো অথবা ছবি নাৰাখিব। কিয়নো বাস্তু শাস্ত্ৰৰ অনুসৰি এনে দৃশ্যই পৰিয়ালৰ সদস্য সকলৰ মাজত কাজিয়াৰ সৃষ্টি কৰে।
২. ঘৰৰ ভিতৰত কেতিয়াও ভঙা আইনা নাৰাখিব। কিয়নো বাস্তু শাস্ত্ৰৰ অনুসৰি ভঙা আইনাত মুখ চালে মানুহৰ আৰ্থিক অৱস্থা যথেষ্ট বেয়াৰ ফালে গতি কৰে।
৩. ঘৰৰ ভিতৰত কেতিয়াও বন্ধ যন্ত্ৰ নাৰাখিব। বন্ধ যন্ত্ৰ যেনে, বহুদিন বন্ধ হৈ পৰি থকা ঘড়ী।
৪. ঘৰৰ চৌহদত কেতিয়াও মৰহি যোৱা তুলসী গছ নাৰাখিব।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.