অসমসাহিত্য

ডিজিটেল হ’ল অসম সাহিত্য সভা, মুকলি হ’ল অসম সাহিত্য সভাৰ নতুন ৱেবছাইট…

সাধুকথাৰ পুথি, আন বিভিন্ন গ্ৰন্থও ডিজিটেল কৰাৰ পদক্ষেপ অসম সাহিত্য সভাৰ।

ডিজিটেলাইজ হ’ল অসম সাহিত্য সভা। সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল ডিজিটেল প্লেটফৰ্ম। আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল সাহিত্য সভাৰ https://assamsahityasabha.org ৱেবছাইট। এই ৱেবছাইটত উপলব্ধ হ’ব বহু আপুৰুগীয়া গ্ৰন্থ, মূল্যৱান আলোচনা।

 

সাধুকথাৰ পুথি, আন বিভিন্ন গ্ৰন্থও ডিজিটেল কৰাৰ পদক্ষেপ অসম সাহিত্য সভাৰ। সাধুকথা উপলব্ধ হ’ব https://linktr.ee/talesfromassam ৱেবছাইটত। গ্ৰন্থ কোষ উপলব্ধ হ’ব www.granthakosh.sahityasabha.amtron.in ৱেবছাইটত। লগতে মুকলি কৰা হৈছে অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেল। সাহিত্য সভাৰ বা-বাতৰি, পুতলা নাচ আদি উপলব্ধ হ’ব এই ইউটিউব চেনেলত।

 

অসম সাহিত্য সভাৰ ডিজিটেল প্লেটফৰ্ম মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী জ্যেষ্ঠ অধ্যাপক-অধ্যাপিকা, সাংবাদিকৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.