খেলভাৰত

আৰম্ভ হ’ল ‘IPL 2022’ৰ বৃহৎ নিলাম, এতিয়া পৰ্যন্ত কোন হৈছে আটাইতকৈ ব্যয়বহুল খেলুৱৈ?

মুম্বাই ইণ্ডিয়ানাই ১৫.২৫ কোটি টকাত ক্ৰয় কৰে ঈশান কিষাণক। ঈশান এই নিলামৰ সৈতে আই পি এলৰ আটাইতকৈ দ্বিতীয় ব্যয়বহুল ভাৰতীয় হৈ পৰিছে। ইয়াৰ আগতে, যুৱৰাজক দিল্লী ৰাজধানীয়ে ১৬ কোটি টকাত ক্ৰয় কৰিছিল।

আৰম্ভ হ’ল IPL 2022ৰ নিলাম প্ৰক্ৰিয়া। বাংগালুৰুত দুদিনীয়াকৈ আৰম্ভ হৈছে এই নিলাম প্ৰক্ৰিয়া। ১২ ফেব্ৰুৱাৰী আৰু ১৩ ফেব্ৰুৱাৰীত চলিব এই নিলাম প্ৰক্ৰিয়া।

 

এতিয়ালৈকে ১০ টা ফ্ৰেঞ্চাইজিৰ বিডিঙে ৪১জন খেলুৱৈক ক্ৰয় কৰিছে। ভাৰতীয় ক্ৰিকেটাৰ(উইকেট কীপাৰ বেটাৰ) ঈশান কিষাণ হৈছে IPL 2022ৰ আটাইতকৈ দামী খেলুৱৈ। মুম্বাই ইণ্ডিয়ান্সে ১৫.২৫ কোটি টকাত ক্ৰয় কৰে ঈশান কিষাণক।
ঈশান এই নিলামৰ সৈতে আই পি এলৰ আটাইতকৈ দ্বিতীয় ব্যয়বহুল ভাৰতীয় হৈ পৰিছে। ইয়াৰ আগতে, যুৱৰাজক দিল্লী ৰাজধানীয়ে ১৬ কোটি টকাত ক্ৰয় কৰিছিল।

আনহাতে আন কেইবাগৰাকীও খেলুৱৈয়ে লাভ কৰিছে ১০ কোটিৰ ওপৰৰ দাম। এই পৰ্যন্ত কোন খেলুৱৈৱে পালে কিমান দাম ?
🏏 ঈশান কিষাণে পাইছে ১৫.২৫ কোটি।
🏏 ১৪ কোটিত দীপক চাহাৰক কিনিলে CSKই।
🏏পেচাৰ প্ৰসিদ্ধ কৃষ্ণক ১০ কোটিত কিনিলে ৰাজস্থান ৰয়েলছে।
🏏শ্ৰেয়াছ আয়াৰ ১২.২৫ কোটি টকাত নিলাম, কিনিলে কলকাতা নাইটা ৰাইডাৰ্ছে।
🏏শ্ৰেয়াছ আয়াৰ ১২.২৫ কোটি টকাত নিলাম, কিনিলে কলকাতা নাইটা ৰাইডাৰ্ছে।
🏏 ১০ কোটি ৭৫ লাখ টকাত ৱানিন্দু হাছাৰাংগাক কিনিলে আৰচিবিয়ে।
🏏 ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰাণক ১০.৭৫ কোটি টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।
🏏১০ কোটি ৭৫ লাখ টকাত বেংগালুৰুলৈ উভতিল হৰ্ষল পেটেল।
🏏দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডাক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৯.২৫ কোটি টকাত।
🏏 ৮ কোটি ৭৫ লাখ টকাত ছানৰাইজাৰ্ছ হায়দৰাবাদে কিনিলে ৱাশ্বিংটন সুন্দৰক।
🏏 শিখৰ ধাৱনক পঞ্জাৱ কিংছে কিনিছে ৮.২৫ কোটি টকাত।
🏏ক্ৰুনাল পাণ্ডিয়াক ৮.২৫ কোটি টকাত কিনিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।
🏏 ট্ৰেণ্ট বোল্টক ৰাজস্থআন ৰয়েলছে কিনিলে ৮ কোটিত।
🏏পেট কামিন্সক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৭ কোটি ২৫ লাখত।
🏏 দক্ষিণ আফ্ৰিকাৰ বেটছমেন ফাফ ডু প্লেছিছক ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে কিনিলে ৭ কোটিত।
🏏 আম্বাতী ৰাইডুক ৬.৭৫ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।
🏏ইংলেণ্ডৰ জনী বেয়াৰষ্টোক ৬.৭৫ কোটিত কিনিলে পঞ্জাৱ কিংছে।
🏏 মহম্মদ স্বামীক ৬.২৫ কোটিত কিনিলে গুজৰাট জায়েণ্টছে।
🏏নিলামত দীপক হুডাক ৫.৭৫ কোটি টকাত লক্ষ্ণৌৱে কিনিলে।
🏏 দিনেশ কাৰ্তিকক ৫.৫ কোটিত কিনিলে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.