অসম

আলফা (স্বা)ত যোগদান কৰিবলৈ গৈ আটক যুৱক

আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে আটক কৰে যুৱকজনক

যোৱা ২৯ ছেপ্টেম্বৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সাতজনকৈ যুৱক সোণাৰিত আৰক্ষীৰ জালত পৰাৰ পাছত যোৱা নিশা বিদ্ৰোহী সংগঠনটোলৈ যোগদান কৰিবলৈ যোৱা আন এজন যুৱকক আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী মতে আলফা (স্বাধীন)ৰ নেতা অভিজিত গগৈ ওৰফে আইচেং অসমৰ নিৰ্দেশত পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাপথাৰ গাওঁৰ দিপু শইকীয়াৰ পুত্ৰ ২৭ বছৰীয়া দ্বীপজ্যোতি শইকীয়াই আলফা (স্বাধীন)ত যোগদান কৰিবলৈ নগালেণ্ডৰ মন জিলা হৈ ম্যানমাৰ শিবিৰলৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পাম খেদি সোণাৰি আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে যুৱকজনক আটক কৰে।

১২০ (বি) ,১২১,১২১(এ), আৰ ডব্লিউ ১০/১৩ , ১৮ (বি) ধাৰাৰ অধীনত ২০৬/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, যুৱকজনে বাঙ্গালুৰুত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰিছিল আৰু ক’ভিডৰ বাবে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত পুনৰ তালৈ নগৈ আলফা(স্বাধীন)ত যোগদানৰ সিদ্ধান্ত লোৱা বুলি সোণাৰি আৰক্ষীৰ আগত সদৰী কৰিছে যুৱকজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.