অসমদৈনিক বাতৰি

শংকৰী দে’ৰ ঘৰত বনকৰা ছোৱালীহে আছিল বন্দনা!

ডাবল মার্ডাৰ কেচৰ ন ন তথ্য পোহৰলৈ

ধনৰ লালসাতেই শাহু আৰু স্বামীক হত্যা কৰিছিল বন্দনাই।ডাবল মার্ডাৰ কেচৰ ন ন তথ্য পোহৰলৈ আহিছে।বন্দনা কলিতা কেয়াৰ টেকাৰ হিচাপে আছিল অমৰজ্যোতিৰ ঘৰত। শংকৰী দে’ৰ অগাধ সম্পত্তিৰ তথ্য লাভ কৰিছিল বন্দনাই। সম্পত্তিৰ লোভতেই অমৰ দে’ক প্ৰেমৰ জালত পেলাইছিল বন্দনাই। প্ৰথমে প্ৰেম তাৰ পাছতেই অমৰ দে’ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা।

শাহ শংকৰী দে’ৰ সম্পত্তি হস্তগত কৰাৰ উদ্দেশ্য আছিল বন্দনাৰ। সম্পত্তি হস্তগতৰ বাবে আলোচনা কৰিছিল ধনটি আৰু অৰূপৰ সৈতে। আৰক্ষীয়ে আটক কৰিছে বন্দনাৰ লগতে ধনটি আৰু অৰূপকো। বিগত প্রায় এসপ্তাহে অৰূপ, বন্দনা আৰু ধনটিক জেৰা চলাই আছে আৰক্ষীয়ে। উদ্ধাৰ কৰিছে মৃতদেহৰ অৱশিষ্ঠ অংশ।বৃহস্পতিবাৰৰ দিনটোত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বন্দনাই শাহ আৰু স্বামীক হত্যা কৰা দাখনো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − nine =

Check Also
Close
Back to top button