Assamঅসম

গোলাঘাটত একেটা পৰিয়ালৰে ৪ জনক হত্যাৰ অপচেষ্টা!

প্ৰথমে নামঘৰৰ ভাওনাত বায়নক লৈ বিতৰ্ক। ভাওনাৰ মাজতে হোৱা বিতৰ্কৰ চূড়ান্ত পৰিণতি। তাৰ পিছত একেটা পৰিয়ালৰে ৪ জনক হত্যাৰ অপচেষ্টা। কিয় ঋতুপৰ্ণ হাজৰিকাই টাৰ্গেট কৰিছিল পৰিয়ালটোক?

শুনিলেই গাৰ নোম শিয়ৰি যোৱা এক ভয়ংকৰ ঘটনা। তেজেৰে ৰাঙলী চোতালৰ মজিয়া। চোতালত পৰি ৰৈছে কেইবাখনো তেজলগা কাপোৰ, চেণ্ডেল। ঘটনা গোলাঘাটৰ জামুগুৰিৰ।

প্ৰথমে নামঘৰৰ ভাওনাত বায়নক লৈ বিতৰ্ক। ভাওনাৰ মাজতে হোৱা বিতৰ্কৰ চূড়ান্ত পৰিণতি। তাৰ পিছত একেটা পৰিয়ালৰে ৪ জনক হত্যাৰ অপচেষ্টা। কিয় ঋতুপৰ্ণ হাজৰিকাই টাৰ্গেট কৰিছিল পৰিয়ালটোক? খবৰ অনুসৰি, ঋতুপৰ্ণ হাজৰিকাই বিচৰা বায়নৰ বিৰোধিতা কৰিছিল বিতুল দত্ত আৰু বিজয়কৃষ্ণ দত্তই। ভাওনাঘৰৰ সেই খঙৰ বাবেই ঋতুপৰ্ণই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পৰিয়ালটোক।

নৃশংসভাৱে ঋতুপৰ্ণই আক্ৰমণ কৰিছিল পৰিয়ালটোৰ ৪ সদস্যক। কাৰোবাৰ গালত, কাৰোবাৰ ডিঙিত, কাৰোবাৰ মুখত, কাৰোবাৰ হাতত… ঋতুপৰ্ণৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিতুল দত্ত, ইলামণি দত্ত, বিজয়কৃষ্ণ দত্ত আৰু কমলাক্ষী শইকীয়া।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী ঋতুপৰ্ণ হাজৰিকাক। এটা পুখুৰীৰ পৰা উদ্ধাৰ আক্ৰমণত ব্যৱহৃত দা খন। ইফালে অতি সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ আহতসকলক।

নাছিল ব্যক্তিগত সংঘাত, নাছিল পূৰ্বৰ মনোমালিন্য, আক্ৰোশ…সাৰৰ দোকান থকা ঋতুপৰ্ণ হাজৰিকাৰ সৈতে পৰিয়ালটোৰ ৪ সদস্যৰ লগত নাছিল কোনো পূৰ্বৰ সংঘাত। তেনেস্থলত কিয় পৰিয়ালটোক টাৰ্গেট কৰিলে ঋতুপৰ্ণই, তাক লৈ এতিয়া সমগ্ৰ জামুগুৰিতে চেপা উত্তেজনা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.