AssamCMO AssamGovernment SchemeHimanta Biswa Sarmaleatest updateSocial

ৰাজ্যৰ মহিলাসকললৈ সুখবৰ! তৃতীয় পৰ্যায়ৰ ঋণী মহিলা সকলৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে।

তৃতীয় পৰ্যায়ত ২৯১ কোটি টকা ৰাজ সাহায্য ২.২২ লাখ গৰাকী ঋণীয়ে পাব NOC।

কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে! ৰাজ্যৰ শ-শ মহিলাৰ মুখত বিৰিঙিল হাঁহি। ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণী মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। তৃতীয় পৰ্যায়ৰ ঋণী মহিলা সকলৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে। বেংকক ঋণ ওভতাই দি ৩য় শ্ৰেণীৰ মহিলাক NOC প্ৰদান কৰিব চৰকাৰে।

উল্লেখ্য যে আজি দিছপুৰ জনতা ভৱনত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণী অনুষ্ঠান। তৃতীয় পৰ্যায়ত ২৯১ কোটি টকা ৰাজ সাহায্য ২.২২ লাখ গৰাকী ঋণীয়ে পাব NOC। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। প্ৰথম পৰ্যায়ত ৮ লাখতকৈ অধিক ঋণীক ১৬শ কোটি টকা ৰেহাই। দ্বিতীয় পৰ্যায়ত ১ লাখতকৈ অধিক ঋণীক ১৯০ কোটি টকা ৰেহাই চৰকাৰৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.