CMO AssamHimanta Biswa Sarmaleatest updatenationalPMo indiaSocial

সংসদত দাখিল হ’ল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট।

কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বাজেট অধিৱেশনত...

সংসদত দাখিল হ’ল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট। বাজেটত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব প্ৰদান। ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্য। আন্তঃগাঁথনিৰ ওপৰত দিয়া হৈছে গুৰুত্ব। MSPত দিয়া হৈছে বিশেষ গুৰুত্ব। বাৰে বাৰে বৃদ্ধি কৰা হৈছে MSP।

আজিৰ বাজেটত কৃষকসকলৰ বাবে বিশেষ পুঁজিৰ ঘোষণা কৰা হৈছে। ১২ কোটি কৃষকৰ বাবে বিত্তীয় সাহায্য। পোনপটীয়াকৈ একাউণ্টত ধন লাভ কৰিব কৃষকসকলে। DBTৰ সুফল লাভ কৃষক আৰু সাধাৰণ জনতাৰ।

নতুনকৈ নিৰ্মাণ হ’ব সাতখন IIT আৰু ৩৯০খন বিশ্ববিদ্যালয়। ১.৪ কোটি যুৱকক কৌশল বিকাশ আঁচনিৰ অধীনত দিয়া হ’ব প্ৰশিক্ষণ। বিগত ১০ বছৰত কন্যা শিক্ষাৰ ক্ষেত্ৰতো দিয়া হ’ব গুৰুত্ব। ২৮ শতাংশলৈ বৃদ্ধি কন্যা শিক্ষা।

বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি। হস্তশিল্পৰ বাবে ‘বিশ্বকৰ্মা আঁচনি’। দুগ্ধপালকৰ বাবে ‘গোকুল আঁচনি’। আশাকৰ্মীৰ বাবে ‘আয়ুস্মান ভাৰত’ আঁচনি। সকাহ লাভ কৰিব ৭৮ লাখ পদপথৰ ব্যৱসায়ীয়ে। আগন্তুক ৫ বছৰ ‘উন্নয়নৰ ৫ বছৰ’ বুলি উল্লেখ বাজেট ভাষণত।

দেশত বৃদ্ধি পাইছে আধ্যাত্মিক পৰ্যটন। আধ্যাত্মিক পৰ্যটনৰ বাবে স্বাৱলম্বী হৈছে স্থানীয় নিবনুৱা যুৱক–যুৱতী। লাক্ষাদ্বীপক দেশৰ অন্যতম পৰ্যটনস্থলীলৈ পৰ্যবসিত কৰাৰ পৰিকল্পনা। পৰ্যটন উদ্যোগৰ বাবে সুদবিহীন ঋণৰ কথাও উল্লেখ আজিৰ বাজেটত।

২০২৪–২৫ বৰ্ষত ৩০ লাখ কোটি ৰাজহ সংগ্ৰহৰ লক্ষ্য। ক্ষীপ্ৰ কৰা হৈছে TAX REFUND প্ৰক্ৰিয়া। পূৰ্বৰ ৯০ দিনৰ পৰিৱৰ্তে বৰ্তমান ১০ দিনতে সম্পন্ন TAX REFUND প্ৰক্ৰিয়া। ২২ শতাংশলৈ হ্ৰাস কৰা হ’ব কৰ্পোৰেট কৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button