আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

কাবুলত আত্মঘাতী বোমাৰু! তালিবানক খেদি আফগানিস্তান দখল কৰাৰ মন ISIS-Kৰ…

বিস্ফোৰণত নিহতৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে

এক ভয়ংকৰ বিস্ফোৰণে কঁপাইছে কাবুল। সন্ত্ৰাসবাদীয়ে লগ নেৰা কাবুলত তালিবানৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে কাবুল বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা।

এই বিস্ফোৰণত নিহতৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে। বিস্ফোৰণত মৃত্যুক সাৱটিলে ১২ গৰাকী মাৰ্কিন সেনাই। আনহাতে, আঘাতপ্ৰাপ্ত হৈছে প্ৰায় ১৫০জন লোক।

কাবুলত আত্মঘাতী বোমাৰু! তালিবানক খেদি আফগানিস্তান দখল কৰাৰ মন ISIS-Kৰ...

উল্লেখযোগ্য যে, এই বিস্ফোৰণ কাণ্ডৰ সৈতে ISIS-K জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে। আফগানিস্তানৰ পৰা তালিবানক খেদি কাবুল দখল কৰাৰ উদ্দেশ্যে ইছলামিক ষ্টেট অৱ ইৰাক আৰু লেভেন্টৰ আত্মঘাতী বোমাৰুৱে কাবুলৰ হামিদ কাজাৰী বিমানবন্দৰত গোট খাই থকা নাগৰিকৰ মাজত আক্ৰমণ কৰে। এই বিস্ফোৰণত মৃত্যুক সাৱটি লয় ১২ গৰাকী মাৰ্কিন সেনাৰ লগতে সাধাৰণ নাগৰিকে।

এই ঘটনাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কাবুল বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা ঘটনাক গৰিহণা দিয়াৰ লগতে যিকোনো পৰিস্থিতিতে কাবুলৰ পৰা মাৰ্কিন নাগৰিক আৰু আফগান নাগৰিকক উলিয়াই অনাৰ কথাও উল্লেখ কৰে জ’ বাইডেনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button