অসম

নতুন দিল্লীত কি কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই?

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত অহা ১৬ আগষ্টৰ পৰা খুলি দিয়াৰ ইংগিত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত অহা ১৬ আগষ্টৰ পৰা খুলি দিয়াৰ ইংগিত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ক’ভিড প্ৰট’কল সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি এই কথা কয়।

তেওঁ কয়, ’১৫ আগষ্টৰ পিছত আমি চেষ্টা কৰিম যে সন্ধিয়া ৬ বজালৈ দোকান-পোহাৰ খুলি দিয়াৰ লগতে আমি আন্তঃজিলা যাতায়াত আৰম্ভ কৰিম’।

আন্তঃজিলা যাতায়াত খুলি দিয়াৰ ক্ষেত্ৰত অৱশ্যে কেতবোৰ চৰ্ত থাকিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয় যে হয়তো এদিন যুগ্ম, এদিন অযুগ্ম বাহন চলিব, গতিকে ১৬, ১৭ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খুলিব।

উল্লেখ্য যে আজিৰ পৰা ৰাজ্যত প্ৰযোজ্য হৈছে নতুন এছ অ’ পি।

সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি আজিৰ পৰা বিয়লি ৫ বজালৈকে দোকান-পোহাৰ খোলা থাকিব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ বলবৎ থাকিব কাৰ্ফিউ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.