অসম

ভোট বিচাৰি অসম পালেহি যশৱন্ত সিনহা, সিনহাক আদৰিবলৈ কলাক্ষেত্ৰত কংগ্ৰেছৰ বিশাল আয়োজন…

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ লগতে AIUDF ৰ কেইবাগৰাকী নেতাই ভিভান্টালৈ লৈ আহিছে যশৱন্ত সিনহাক।

গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি পদৰ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা। গুৱাহাটী বিমানবন্দৰত যশৱন্ত সিনহাক উষ্ম আদৰণি প্ৰদেশ কংগ্ৰেছৰ। বিমানবন্দৰত সিনহাক ফুলাম গামোচাৰে আদৰণি জনালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই।

 

বৰ্তমান হোটেল ভিভান্টাত উপস্থিত হৈছে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী । হোটেল তাজ ভিভান্টাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি AIUDFৰ নেতৃত্বৰে বৈঠকত বহাৰ সম্ভাৱনা আছে সিনহাই। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ লগতে AIUDF ৰ কেইবাগৰাকী নেতাই ভিভান্টালৈ লৈ আহিছে যশৱন্ত সিনহাক।

 

প্ৰাৰ্থীগৰাকীক আদৰাৰ বাবে কলাক্ষেত্ৰতো কংগ্ৰেছৰ বিশাল আয়োজন। বুধবাৰে, কলাক্ষেত্ৰত বিৰোধীৰ সকলো সাংসদ বিধায়কেৰে বৈঠকত মিলিত হ’ব যশৱন্ত সিনহা। কংগ্ৰেছৰ দলীয়া নেতাৰ উপৰিও কলাক্ষেত্ৰত উপস্থিত সাংসদ অজিত কুমাৰ ভূঞা। উপস্থিত চিপিআই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। উল্লেখ্য যে, বিয়লি ৫ বজাত সংবাদমেল সম্বোধন কৰিব সিনহাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.