অসমখেলগুৱাহাটীভাৰত

৩ বছৰৰ পিছত কোহলীৰ টেষ্ট শতক

অবশেষত ৪০ মাহৰ পিছত বিৰাটে আটাইতকৈ দীঘল ফর্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হ'ল।

অবশেষত ৪০ মাহৰ মূৰত বিৰাটে আটাইতকৈ দীঘল ফর্মেটত শতক অৰ্জন কৰিবলৈ সক্ষম হ’ল। কোহলীয়ে তিনিওটা ফর্মেটতে ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছে ৷

বিৰাটে শেষবাৰৰ বাবে ২০১৯ চনৰ নৱেম্বৰত এটা টেষ্ট শতক অৰ্জন কৰিছিল। কলকাতাৰ ইডেন গার্ডেনত বাংলাদেশৰ বিৰুদ্ধে দিবা-নিশাৰ টেষ্টত কোহলীয়ে ১৩৬ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল।

কোহলীয়ে আহমেদাবাদ টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা বাউণ্ডেৰীৰ সহায়ত ২৪১ টা বলত ব্যক্তিগত শতক সম্পূৰ্ণ কৰিছে। চতুর্থ দিনা দুপৰীয়াৰ আহাৰ বিৰতিৰ পিছত বিৰাটে ভাৰতীয় ইনিংছৰ ১৩৮.২ অভাৰত লিয়’নৰ বলত ১ ৰাণ লৈ শতক সম্পূৰ্ণ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.