Socialঅসম

GMCHৰ জৰুৰীকালীন বিভাগত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ সময়ত জৰুৰীকালীন বিভাগত নাছিল FIRE Alarm

GMCHৰ জৰুৰীকালীন বিভাগত অগ্নিকাণ্ড। দুপৰীয়া জৰুৰীকালীন বিভাগত জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ সময়ত জৰুৰীকালীন বিভাগত নাছিল FIRE Alarm। মুহূৰ্ততে হাস্পতালৰ জৰুৰীকালীন বিভাগত সৃষ্টি হয় হুৱাদুৱা । জৰুৰীকালীন ৱাৰ্ডৰ পৰা ৰোগীসকলক ততাতৈয়াকৈ বাহিৰলৈ উলিয়াই লৈ অহা হয়।

হাস্পতালখনত FIRE Extinguisher সংলগ্ন কৰি থকাৰ সময়তে সংঘটিত এই ঘটনা। Extinguisher সংযোগৰ কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে GMCH কৰ্তৃপক্ষই। ঘটনা সন্দৰ্ভত ভঙাগড় থানাত GMCH কৰ্তৃপক্ষই ইতিমধ্যে ৰুজু কৰিছে গোচৰ।

তথ্য অনুসৰি চলি থকা ফেনত হঠাৎ জুইৰ সূত্ৰপাত হোৱাক কেন্দ্ৰ কৰি হাস্পতালৰ জৰুৰীকালীন বিভাগত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে, কেইমাহমান পূৰ্বে  হাস্পতালৰ Radiology বিভাগতো সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। তাৰ পিছতো Fire Alarm আৰু Fire Extinguisherৰ ভালদৰে নকৰাৰ অভিযোগ GMCH কৰ্তৃপক্ষৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.