অপৰাধঅসমঅসম আৰক্ষী

কি হৈছিল আচলতে বেলতলা চাৰ্ভেৰ বৰুৱা দম্পতীৰ? হত্যাকাণ্ডৰ ঘটনাৰ নতুন মোৰ!

অভিযোগনামাত হত্যাকাণ্ডৰ কেবাটাও দিশ উল্লেখ কৰিছে আৰক্ষীয়ে

কি হৈছিল আচলতে বেলতলা চাৰ্ভেৰ বৰুৱা দম্পতীৰ?

বেলতলা চাৰ্ভেৰ চন্দন নগৰৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ ঘটনাটোৱে লৈছে নতুন মোৰ। শনিবাৰে বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ প্ৰায় চাৰিপৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে৷ অভিযোগনামাত হত্যাকাণ্ডৰ কেবাটাও দিশ উল্লেখ কৰিছে আৰক্ষীয়ে৷

হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল বুলিও শনিবাৰে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰিছে আৰক্ষীয়ে ।
তথ্য অনুসৰি, আকাশ চৌধুৰীয়ে তেওঁৰ পত্নী পুতু দাসৰ সৈতে ননীগোপাল বৰুৱাৰ সম্পৰ্ক থকাৰ বাবেই দুই বৰুৱা দম্পতীক হত্যা কৰিছিল ৷ তদুপৰি ননীগোপাল বৰুৱাই পুতু দাসক হাজোত এডোখৰ মাটি দিছিল । সেই মাটিডোখৰ আকাশ চৌধুৰীয়ে নিজৰ নামত কৰি ল’ব বিচৰাৰ লগতে ননীগোপাল বৰুৱাক এখন গাড়ীও বিচাৰিছিল আকাশ চৌধুৰীয়ে । পিছে ননীগোপাল বৰুৱাই এই কথাত অমান্তি হোৱা বাবে হত্যাকাণ্ডটো সংঘটিত কৰিছিল৷

ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে বিগত বৰ্ষৰ ২৭ ডিচেম্বৰত এই হত্যাকাণ্ডটোৰ অভিযোগনামা দাখিল কৰিছিল।
উল্লেখ্য যে, বিগত বৰ্ষৰ ২৫ অক্টোবৰৰ পুৱা বেলতলা চাৰ্ভেৰ চন্দন নগৰত তলাবন্ধ কোঠাত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত বৰুৱা দম্পতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। তাৰ পাছতে ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ প্ৰথম অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ হৈছিল যদিও তদন্তৰ অন্তত কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে শিলেৰে থেতালি দুয়োকে হত্যা কৰিছিল বুলি আৰক্ষী নিশ্চিত হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.