অভিনয়অসম

বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ জীৱন জোৰা সাধনা বঁটা

বুধবাৰে গুৱাহাটীত এক সংবাদমেল যোগে বিজু ফুকন বঁটাৰ বাবে নিৰ্বাচিত সকলৰ নাম ঘোষণা কৰা হয়

বুধবাৰে গুৱাহাটীত এক সংবাদমেল যোগে বিজু ফুকন বঁটাৰ বাবে নিৰ্বাচিত সকলৰ নাম ঘোষণা কৰা হয়। অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীক এইবৰ্ষৰ জীৱন জোৰা সাধনা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। দ্যা ৰয়েল এফেয়াৰ্ছ গ্ৰুপে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে। বিশিষ্ট অভিনেতাগৰাকীয়ে অসমীয়া ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।

ইয়াৰোপৰি ৩০টাকৈ বিভিন্ন শাখাত বিজু ফুকন বঁটা প্ৰদান কৰা হ’ব। চলিত বৰ্ষৰ ২০ ডিচেম্বৰত গড়কাপ্তানি বিভাগৰ কনভাৰ্ছেচন হলত এই বিজু ফুকন বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে বিজু ফুকন ট্ৰাষ্টৰ সহযোগত দ্যা ৰয়েল এফেয়াৰ্ছে প্ৰতিবছৰে এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সংস্থাটোৱে এই বঁটা প্ৰদান কৰি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.