অসম

বাল্য বিবাহক লৈ মুখ খুলিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই! কি ক’লে অভিনেত্ৰী গৰাকীয়ে?

মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক বিভিন্ন ৰাজনৈতিক দল-সংগঠনে সমালোচনা কৰাও দেখা গৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে ৰাজ্যত এতিয়া তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান। বাল্য বিবাহৰ গোচৰত বৰ্তমান লৈকে হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ কৰা হৈছে। সাৰি যোৱা নাই বাল্য বিবাহৰ লগত জড়িত কোনো লোকেই। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক বিভিন্ন ৰাজনৈতিক দল-সংগঠনে সমালোচনা কৰাও দেখা গৈছে। তেনে সময়তে বাল্য বিবাহক লৈ মুখ খুলিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। কি ক’লে অভিনেত্ৰী গৰাকীয়ে।

এক সাংস্কৃতিক অনুষ্ঠানত অংশ ল’বলৈ গৈ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ সংবিধানৰ মতে বাল্য বিবাহ পূৰ্বৰে পৰা এক অপৰাধ। গতিকে এই ক্ষেত্ৰত চৰকাৰে যি প্ৰচেষ্টা-পদক্ষেপ হাতত লৈছে তাক শলাগ লৈছো’। অভিনেত্ৰীগৰাকীয়ে লগতে বাল্য বিবাহ বন্ধ হ’ব লাগে বুলিও মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.