Socialঅসম

কেনে আছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ?

বৃহস্পতিবাৰে, উচ্চ ৰক্তচাপৰ বাবে নিশা ১০ বাজি ৪৫ মিনিটত তেখেতক ভৰ্তি কৰোৱা হয় মহানগৰীৰ আয়ুৰসূন্দ্ৰা চিকিৎসালয়ত।

হঠাৎ অসুস্থ হৈ পৰিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। বৃহস্পতিবাৰে, নিশা জয়ানগৰৰ চিকমিক ষ্টুডিঅ’ত এটা গানৰ ৰেকৰ্ডিঙত ব্যস্ত থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী।

জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ ততালিকে বিয়পি পৰিল সামাজিক মাধ্যমত। মৰমৰ শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰ পাই ব্যাকুল হৈ পৰিল অনুৰাগী।

বৃহস্পতিবাৰে, উচ্চ ৰক্তচাপৰ বাবে নিশা ১০ বাজি ৪৫ মিনিটত তেখেতক ভৰ্তি কৰোৱা হয় মহানগৰীৰ আয়ুৰসূন্দ্ৰা চিকিৎসালয়ত। আয়ুৰসূন্দ্ৰাত সাত গৰাকী চিকিৎসকে চিকিৎসা চলোৱাৰ অন্তত সকলোৰে মুখত হাঁহি বিৰিঙাই অৱশেষত আহিল ভাল খবৰটো। ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কোনো জটিল ৰোগ হোৱা নাই বুলি মন্তব্য কৰে তেখেতৰ চিকিৎসকে। আনকি জুবিন গাৰ্গৰ শৰীৰত পূৰ্বৰ কোনো ৰোগ দেখা পোৱা নাই চিকিৎসকে।

সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ সন্দৰ্ভত আয়ুৰসূন্দ্ৰা চিকিৎসালয়ৰ কৰ্তৃপক্ষই অসমবাসীক জনালে এই খবৰ। কিছু সময়ৰ পূৰ্বে আহাৰ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে তেখেতৰ শৰীৰৰ আৰু কিছু পৰীক্ষা কৰাৰ কথাও উল্লেখ কৰে হাস্পতাল কৰ্তৃপক্ষই।

হাস্পতালখনৰ সাধাৰণ কেবিনতে থকা হাৰ্টথ্ৰৱ জুবিন গাৰ্গেও এক ভিডিঅ’ৰ জৰিয়তে অনুৰাগীৰ বাবে দিলে এক শুভবাৰ্তা। ভিডিঅ’ৰ জৰিয়তে নিজৰ স্বাস্থ্য়ৰ কথা উল্লেখ কৰি তেওঁ কয়- ‘চিন্তা নকৰিব :মই সুস্থ’। শিল্পীগৰাকীৰ অনুৰাগীসকলেও তেখেতৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰে।

উল্লেখ্য যে, শুকুৰবাৰে ডুবাইলৈ T20 মেচ চাবলৈ যোৱাৰ কথা আছিল শিল্পীগৰাকী। কিন্তু তেখেতৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাৰ বাবে এতিয়া শিল্পীগৰাকীৰ ডুবাই যাত্ৰা কি হ’ব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.