খেল

এক নতুন অধ্যায়! বিশ্বকাপ ফুটবলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰেফাৰী কৰিব মহিলাই

নিশা ১২.৩০ বজাত পুৰুষৰ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা ৰেফাৰীয়ে খেল পৰিচালনা কৰিবলৈ খেল পথাৰত অৱতীৰ্ণ হ’ব

২ ডিচেম্বৰত বিশ্বৰ ফুটবল সংগঠন ফিফাই ১১৮ বছৰীয়া ইতিহাসত আন এক ঐতিহাসিক খোজ দিব। নিশা ১২.৩০ বজাত পুৰুষৰ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা ৰেফাৰীয়ে খেল পৰিচালনা কৰিবলৈ খেল পথাৰত অৱতীৰ্ণ হ’ব। জাৰ্মানী আৰু ক’ষ্টাৰিকাৰ খেল খনত মূল ৰেফাৰী হিচাপে থাকিব ফ্ৰান্সৰ মহিলা ৰেফাৰী ষ্টেফানি ফ্ৰেপাৰ্ট। ৩৯ বছৰীয়া ফ্ৰেপাৰ্টে ইতিমধ্যে মহিলা বিশ্বকাপৰ ফাইনেল পৰিচালনা কৰিছে। ২০১৯ ত তেওঁ কোৱালিফায়িং ৰাউণ্ডৰ পুৰুষৰ খেলো পৰিচালনা কৰি মহিলা ফুটবল ৰেফাৰী হিচাপে বিৰল খ্যাতি অৰ্জন কৰিছে।

FIFA names first female refereeing trio for a men's World Cup

খেলখনত তেওঁৰ সৈতে থাকিব ব্ৰাজিলৰ নিউজা বেক আৰু মেক্সিকোৰ কাৰেন ডায়াজ মেডিনা। এই উদাহৰণ বিশ্বকাপৰ বাবে স্বৰ্ণখচিত আখৰেৰে লিখা থাকিব বুলি ৰেফাৰী কমিছনৰ প্ৰধান পিয়েৰ লুইজী কালিনাই সদৰি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.