অপৰাধঅসমআঞ্চলিক

নিশাৰ মহানগৰত সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি, যুৱতীৰ গাড়ীৰ খুন্দাত ছিগিল শ্ৰমিকৰ ভৰি…

যুৱতীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে এক গোচৰ।

নিশাৰ মহানগৰত সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি। সুৰাৰ ৰাগিত মাতাল যুৱতীয়ে মহটিয়াই নিলে কেইবাজনো শ্ৰমিকক।

শুকুৰবাৰে নিশা মহানগৰৰ ৰুক্মিণী গাঁৱত সংঘটিত এই দুৰ্ঘটনা। হোটেল ভিভান্টাত বাৰ্থডে’ পাৰ্টী কৰি নিশা প্ৰায় ১.৪৫ বজাত ঘৰলৈ উভতি যোৱাৰ সময়তে সুৰাৰ ৰাগিত মাতাল যুৱতীয়ে ৰুক্মিণী গাঁৱৰ এটা কালভাৰ্টৰ সমীপত আন এখন বাহনত খুন্দা মাৰে।

চাৰিচকীয়া বাহনেৰে যুৱতীগৰাকীয়ে মহতিয়াই নিয়ে ৯জন শ্ৰমিকক। আহতসকলক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হয়। আহত দুজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যুৱতীগৰাকীয়ে তীব্ৰবেগত গাড়ী চলাই লোক নিৰ্মাণ বিভাগৰ বাহনতো খুন্দা মাৰে। যুৱতীগৰাকীয়ে খুন্দা মৰাৰ ফলত এজন শ্ৰমিকৰ দুয়োখন ভৰিয়েই ছিগি যায়।

কেৱল এয়াই নহয় সুৰামত্ত যুৱতীগৰাকীয়ে আৰক্ষীক অসভ্যালি কৰাৰ সমান্তৰালকৈ সাংবাদিককো অপদস্থ কৰে। অশ্লীল ভাষাৰে গালি-গালাজ কৰা যুৱতীগৰাকীক নিশাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যুৱতীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে এক গোচৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.