AssamCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

নাৰায়ণপুৰত ৰঙা ঘৰৰ আলহী হ’ল আইৰ নামত ভণ্ডামি কৰি অহা এগৰাকী মহিলাসহ দুই ভাতৃ…..

নাৰায়ণপুৰৰ বকুলগুৰিত ৰঙা ঘৰৰ আলহী হ’ল বিগত কেইবাদিনো  ধৰি আইৰ নামত ভণ্ডামি কৰি অহা এগৰাকী মহিলাসহ দুই ভাতৃ। গাঁওখনৰ ৪গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষৰ গাত আই লম্ভা বুলি প্ৰচাৰ চলিছিল। গাঁওখনৰ অনিয়ম, বিশৃংখল আঁতৰাবলৈ আইৰ আগমন ঘটা বুলি কৈ আই এ গাঁও বাসীক নাম কীৰ্তন আৰু ভাওনা পতাৰ পৰামৰ্শ দিলে। গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গ’ল।  সেই খিনিলৈকে সকলো ঠিকেই আছিল। শেহতীয়াকৈ আইৰ নেতৃত্বত লণ্ডভণ্ড কৰিলে এজন লোকৰ বাসগৃহ। মিছিং জনগোষ্ঠীৰ লোকজনৰ চোতালত গাঁৱৰ একাংশ লোকৰ উপস্থিতিত অবৰ্ণনীয় পৰিবেশ সৃষ্টি কৰাৰ লগতে শোৱনীকোঠাত প্ৰবেশ কৰি বাকচ ভাঙি নগদ ধন লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এগৰাকী পুৰুষ আই এ মহিলাৰ কাপোৰ পৰ্যন্ত খুলি জঘন্য আচৰণ কৰাক লৈও সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশেষত ধলপুৰ আৰক্ষীয়ে আটক কৰে তিনিওকে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button