Covid-19ভাৰত

বিগত ২৪ ঘণ্টাত দেশত কোৰোণা আক্ৰান্তই ভাঙিলে সকলো ৰেকৰ্ড!

সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা বাঢ়িল ৩,৬০,৭০,৫১০ লৈ

দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ।

বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যই অতিক্ৰম কৰিছে ১ লাখ ৯০ হাজাৰৰ। দৈনিক সংক্ৰমণৰ হাৰ ১১.৫ শতাংশ। মৃত্যু হৈছে ৪৪২ জনৰ। তাৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা বাঢ়িল ৩,৬০,৭০,৫১০ লৈ। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৬০,৪০৫ জন লোক। অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্ত ৪৮,৬৮৯। পুৰ্বৰ আক্ৰান্তৰ সংখ্যালৈ লক্ষ্য কৰিলে আজিৰ সংখ্যাই ২১১ দিনৰ ৰেকৰ্ড ব্ৰেক কৰিছে।

তাৰ বিপৰীতে বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৬০,৪০৫ জন ক’ভিদ আক্ৰান্ত লোক।

জানুৱাৰী মাজভাগৰ পৰা শেষ পৰ্যন্ত কোৰোণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা আছে বুলি ব্যক্ত কৰিছে IIT কানপুৰৰ অধ্যাপক মনীন্দ্ৰ আগৰৱালে। কেৱল অধ্যাপক আগৰৱালেই নহয়, ইয়াৰ পূৰ্বে Institute for Health Metrics and Evaluation-ৰ ফালৰ পৰাও একে কথাই কোৱা হৈছিল।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.