অসম

ৰঙালীৰ প্ৰাকক্ষণত দুঃখবৰ, বিষাক্ত কাঠফুলা খাই ৰাজ্যত পুনৰ তিনিজনৰ মৃত্যু…

ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকাৰ সময়তে সোমবাৰে মাতৃ, পুত্ৰ, কন্যাসহ চাৰি গৰাকীৰ মৃত্যু হোৱাৰ পাছতে নিশালৈ পুনৰ মৃত্যুমুখত পৰে আন তিনিগৰাকী

এক চাঞ্চল্যকৰ ঘটনাই পুনৰ জোকাৰিছে ৰাজ্য। ৰঙালীৰ প্ৰাকক্ষণত সোণাৰিত পৰিছে শোকৰ ছাঁ। বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা তিনিগৰাকী মহিলাৰ মৃত্যু। চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক সাবটিলে চম্পা কৰ্মকাৰ, সৰুমাই কৰ্মকাৰ আৰু ৰীতা কেওটে।

 

উল্লেখযোগ্য যে, ৬ এপ্ৰিলতে সোণাৰিৰ ২নং লালটি পথাৰত বনৰীয়া কাঠফুলা ভক্ষণ কৰি আঠজনকৈ লোক অসুস্থ হৈ পৰাৰ পাছতে ভৰ্তি কৰোৱা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত। ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকাৰ সময়তে সোমবাৰে মাতৃ, পুত্ৰ, কন্যাসহ চাৰি গৰাকীৰ মৃত্যু হোৱাৰ পাছতে নিশালৈ পুনৰ মৃত্যুমুখত পৰে আন তিনিগৰাকী। বৰ্তমান মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে সাত গৰাকীলৈ। আনহাতে, অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৩৫ বছৰীয়া জোৎস্না গড় নামৰ মহিলাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.