দৈনিক বাতৰিভাৰত

১০০ কৰ্মচাৰীক মুঠ ১৫ কোটি মূল্যৰ বিলাসী বাহন উপহাৰ দি চৰ্চাত ভাৰতৰ এটা IT কোম্পানী…

"আমি আমাৰ ১০০ গৰাকী কৰ্মচাৰীক ১০০খন বাহন উপহাৰ হিচাপে দিছো, যিসকলে বিগত ১০ বছৰ ধৰি আমাৰ সৈতে আছে। বৰ্তমান ৫০০ গৰাকী কৰ্মচাৰী হৈছে আমাৰ শক্তি। আমাৰ সংকল্প হৈছে কৰ্মচাৰীসকলৰ পৰা গ্ৰহণ কৰা সম্পদসমূহ পুনৰ কৰ্মচাৰীসকলক ঘূৰাই দিয়া"

এটা কাৰ্য্যালয়(Office)ৰ প্ৰতি প্ৰতিগৰাকী কৰ্মচাৰীৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। কৰ্মচাৰীসকলৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইৰ এটা IT কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলক দিছে বিশেষ উপহাৰ। কোম্পানীৰ সফলতা আৰু উন্নতিৰ কাৰণে কৰ্মচাৰীসকলৰ সহায়-সহযোগিতাৰ বাবে প্ৰতিজন কৰ্মচাৰীক প্ৰায় ১৫ কোটি মূল্যৰ মুঠ ১০০খন বিলাসী বাহন উপহাৰ দি চৰ্চিত হৈ পৰিছে Ideas2IT নামৰ ইঞ্জিনিয়াৰিং কোম্পানীটো।

Ideas2IT নামৰ IT কোম্পানীটোৱে ১০০ গৰাকী কৰ্মচাৰীক উপহাৰ দিছে মাৰুতী ছুজুকীৰ ১০০খন বিলাসী বাহন। কোম্পানীটোৰ মাৰ্কেটিং হেড হৰি সুব্ৰমণিয়ামে কয় যে, “আমি আমাৰ ১০০ গৰাকী কৰ্মচাৰীক ১০০খন বাহন উপহাৰ হিচাপে দিছো, যিসকলে বিগত ১০ বছৰ ধৰি আমাৰ সৈতে আছে। বৰ্তমান ৫০০ গৰাকী কৰ্মচাৰী হৈছে আমাৰ শক্তি। আমাৰ সংকল্প হৈছে কৰ্মচাৰীসকলৰ পৰা গ্ৰহণ কৰা সম্পদসমূহ পুনৰ কৰ্মচাৰীসকলক ঘূৰাই দিয়া”।

 

আনহাতে কোম্পানীটোৰ ফাউণ্ডাৰ, চেয়াৰমেন মুৰালী বিবেকানন্দনে কয় যে, “আমাৰ কোম্পানীটোৱে আমাৰ উন্নতিৰ বাবে যথেষ্ট কষ্ট, ত্যাগ কৰিছে। আমি তেওঁলোকক কেৱল বাহনেই উপহাৰ দিয়া নাই। কৰ্মচাৰীসকলে এয়া তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেহে উপাৰ্জন কৰিছে”।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.