খেলভাৰতমনোৰঞ্জন

টি-২০ বিশ্বকাপৰ পৰা বিদায় মাগিলে ভাৰতীয় ক্ৰিকেট দলে! তাৰ লগে লগে দলৰ অধিনায়ক হিচাপেও বিদায় ল’লে বিৰাট কোহলীয়ে

সোমবাৰে ভাৰতীয় ক্ৰিকেটৰ দলৰ অধিনায়ক হিচাপে নামিবিয়াৰ বিৰুদ্ধে অন্তিমখন টি-২০ খেলত অংশগ্ৰহণ কৰি বিৰাট কোহলীয়ে সুন্দৰ ভাৱে বিজয় সাব্যস্ত কৰে

সোমবাৰে ভাৰতীয় ক্ৰিকেটৰ দলৰ অধিনায়ক হিচাপে নামিবিয়াৰ বিৰুদ্ধে অন্তিমখন টি-২০ খেলত অংশগ্ৰহণ কৰি বিৰাট কোহলীয়ে সুন্দৰ ভাৱে বিজয় সাব্যস্ত কৰে।

কিন্তু টি-২০ বিশ্বকাপৰ আৰম্ভণি পৰ্যায়ৰ পৰা বিদায় মাগিলে ভাৰতীয় ক্ৰিকেট দলটোৱে। লীগ পৰ্যায়ৰ পৰাই বিদায় মাগে কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোৱে। কালিৰ খেলক কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হয়।

টি২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ লগে লগে ভাৰতীয় দলৰ অধিনায়ক হিচাপে বিৰাট কোহলীয়েও বিদায় লয়।

কালিৰ অন্তিম খন খেলৰ অন্তত কেপ্টেইন বিৰাট কোহলীয়ে কয় যে, ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে কাম কৰি তেওঁ বহু গৰ্বিত। লগতে কয়, “মোক যি দায়িত্ব দিয়া হৈছিল, সেয়া মই পালন কৰিলো। এতিয়া সময় মই বাকিবোৰৰ বাবে আগবঢ়াৰ ঠাই খালী কৰো“।

উল্লেখ্য যে বৰ্তমান সময়ত ৰোহিত শৰ্মাৰ নামেই ভাৰতীয় দলৰ পৰৱৰ্তী অধিনায়ক হিচাপে নাম তালিকাৰ শীৰ্ষত আছে।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.