Socialঅপৰাধঅসমজন্তু

হৃদয়বিদাৰক! গাঁওবাসীয়ে বিহ ঢালি নিধন কৰিলে পশু-পক্ষী

ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰীয়ামঘাট নৱজ্যোতি গাঁৱত সংঘটিত এই ঘটনা

দেখিলেই চকু সেমেকি উঠা এক কৰুণ দৃশ্য। ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰীয়ামঘাট নৱজ্যোতি গাঁৱত  দুষ্কৃতিকাৰীয়ে বিহ ঢালি নিধন কৰিছে পশু-পক্ষী।

ধনশিৰি মহকুমাত খৰাং পৰিস্থিতিয়ে দেখা দিয়া হেতুকে কৃষকে শুকানে-শুকানে পথাৰত সিঁচিব লগীয়া হৈছে ধানৰ বীজ। ধানৰ বীজ নাখাবলৈ খেতিয়কে কলৰ মাজত বিহ ভৰাই ৰাখি থোৱাৰ সন্দেহ কৰা হৈছে। এই বিহ থকা কল খোৱাৰ ফলত মৃত্যু মুখত পৰিছে বহু চৰাই-চিৰিকটিৰ লগতে ঘৰচীয়া জীৱ-জন্তু৷ কলৰ মাজত বিহ মিহলাই একাংশ লোকে এনেদৰে নিধন কৰিছে বহু পক্ষীৰ লগতে ছাগলী ৷

খেতি পথাৰৰ মাজত সিঁচৰতি হৈ পৰিছে বহু মৃত চৰাই-চিৰিকটি। মৃত্যুৰ সৈতে যুঁজি পথাৰৰ মাজত চটফটাই পৰি থকা জীৱকূলক দেখি সচেতন হৈ পৰিছে প্ৰকৃতি প্ৰেমী। জীৱশ্ৰেষ্ঠৰ এনে কাণ্ডই এতিয়া সৰুপথাৰ উৰীয়ামঘাটৰ সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.