অপৰাধঅসম

ধিক্ মানবতা! চোকা অস্ত্ৰৰে দুয়োখন কাণ কাটি দিলে

পূৰ্বেও উক্ত লোকজনে 'গৰুটো কাটিম' বুলি ধমকি দি অহিছিল

যি সময়ত চৰকাৰে গো সুৰক্ষা আইন বলবৎ কৰিছে সেই সময়ত একাংশ দুস্কৃতিকাৰীয়ে চলাইছে গো-ধনৰ ওপৰত জঘন্য অত্যাচাৰ।

গোৱালপাৰাৰ ভালুকডুবিৰ এটা গৰুৰ দুয়োখন কাণ চোকা অস্ত্ৰৰে কাটি দিছে এজন লোকে। চিকিৎসাৰ বাবে অনা হৈছে পশু চিকিৎসা কেন্দ্ৰলৈ।

জানিৱ পৰা মতে, গোৱালপাৰাৰ ভালুকডুবি টিলাপাৰাৰ বাসিন্দা বিপদ ভঞ্জন মণ্ডলে নিজৰ গৰুটো বান্ধি দিছিল ঘাঁহ থকা পৰিত্যক্ত এডোখৰ ঠাইত। সেই সময়তে বানেশ্বৰ বিহাৰী নামৰ লোকজনে চোকা অস্ত্ৰৰে গৰুটোৰ কাণ দুখন কাটি দিয়া বুলি অভিযোগ দিয়ে গৰুৰ মালিকে।

ইয়াৰ পূৰ্বেও উক্ত লোকজনে সেই ঠাইত গৰু বান্ধি দিলে কাটিম বুলি ধমকি দি অহা বুলিও অভিযোগ দিয়ে গৰুটোৰ মালিকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.