Assamঅসমআঞ্চলিকদৈনিক বাতৰি

পৰ্যটক তথা প্ৰকৃতিপ্ৰেমীক আৰ্কষিত কৰিবলৈ সজাই তোলা হৈছে পৰ্যটনস্থলীৰ ডিব্ৰু নৈৰ দুয়ো পাৰ…

পৰ্যটক তথা প্ৰকৃতিপ্ৰেমীক আৰ্কষিত কৰিবলৈ সজাই তোলা হৈছে পৰ্যটনস্থলীৰ ডিব্ৰু নৈৰ দুয়ো পাৰ...

চাওতে চাওতে কেলেণ্ডাৰৰ পাতৰ পৰা বিদায় মাগিবলৈ ওলাল ২০২৩ বৰ্ষ। পুৰণিক বিদায় আৰু নতুনক আদৰাৰ বাবে ৰাজ্যৰ প্ৰায় সকলো বনভোজস্থলীতে এতিয়া  দেখা পোৱা গৈছে এক মধুময় পৰিৱেশ। নাচ, গান আৰু আড্ডাত মুখৰ বনভোজস্থলীসমূহ। ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন স্থলীতো দেখা গৈছে লোকে লোকাৰণ্য পৰিৱেশ।

বিভিন্ন প্ৰান্তৰ পৰা বহু লোক  বনভোজ খাবলৈ অহাৰ লগতে একাংশ লোকে প্ৰকৃতিৰ মনোৰম পৰিবেশ উপভোগ কৰিবলৈও ভিৰ কৰিছেহি । পৰ্যটক তথা প্ৰকৃতিপ্ৰেমীক আৰ্কষিত কৰিবলৈ সজাই তোলা হৈছে পৰ্যটনস্থলীৰ ডিব্ৰু নৈৰ দুয়ো পাৰ। ডিব্ৰু নৈৰ ওপৰত অসমৰ ভিতৰতে খুব সুন্দৰ এখন ওলমা দলং, নৈ দুয়োপাৰে পকী পথ, অতিথি গৃহ , এখন শিশু উদ্যান, অনাময় গৃহ আদি উদ্বোধন কৰা হয়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.