অপৰাধঅসমআঞ্চলিক

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক নৃশংস হত্যা! কাঢ়ি নিলে কিডনী, চকু

হত্যাকাণ্ডৰ আঁৰত স্থানীয় যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ লোকৰ

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক নৃশংস হত্যা! কাঢ়ি নিলে কিডনী, চকু…

অন্ধ্ৰপ্ৰদেশত অতি নৃশংসভাৱে হত্যা কৰা হ’ল কাজিৰঙাৰ এজন অসমীয়া যুৱকক। হত্যাকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে হত্যাকাৰীয়ে মৃতদেহৰ পৰা কিডনী, চকু, নাক-কান আদি কাটি লৈ যায়। কাজিৰঙাৰ মিকিৰ গাঁৱৰ দিপুল কলিতা নামৰ যুৱকজনে স্থানীয় চাৰিজন যুৱকৰ সৈতে ১০ আগষ্ট তাৰিখে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত কোম্পানীত কামৰ সন্ধানত ওলাই গৈছিল।

বিজয়ৱাৰাত ৰে’লেৰে উপস্থিত হোৱাৰ পাছতেই লগত যোৱা চাৰিজন যুৱক হঠাৎ নিৰুদ্দেশ হৈ পৰে। সুদূৰ বিজয়ৱাৰাত অকলশৰীয়া হৈ পৰা দিপুলো কেইঘন্টা মানৰ পাছত সন্ধানহীন হয়। পৰিয়ালে বহু ফোন কৰিও দিপুলৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ’ল। ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ১৪ দিনৰ পাছত ২৪ আগষ্টত বিজয়ৱাৰাৰ পৰা কিছু নিলগত দিপুল কলিতাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে প্ৰায় গেলিবলৈ আৰম্ভ কৰা মৃতদেহটোৰ পৰা হত্যকাৰীয়ে কিডনী, চকু, নাক, কান আদি কাটি নিছিল। পৰিয়ালৰ লোক বিজয়ৱাৰাত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি এই নৃশংস হত্যাকাণ্ড কোনো মানৱ দেহৰ অংগ-পতংগ চোৰাং ব্যৱসায়ীয়ে সংঘটিত কৰা বুলি সন্দেহ কৰে। ইফালে বিজয়ৱাৰাত কোনো এক স্থানত দিপুলক খুঁটাত ৰছীৰে বান্ধি অত্যাচাৰ চলোৱা এখন ফটো লাভ কৰিছে পৰিয়ালৰ লোকে। ইমানবোৰ তথ্য প্ৰমাণ দিয়াৰ পাছতো বিজয়ৱাৰাত কোনো এখন স্থানীয় থানাই গোচৰ ৰুজু নকৰাত মৃতদেহটো তাতেই সৎকাৰ কৰি পৰিয়ালৰ লোক উভতি আহে। ইপিনে এই নৃসংশ হত্যাকাণ্ডৰ আঁৰত স্থানীয় যুৱক ক্ৰমে হেমন্ত নাথ, বিতোপন বৰা ,কুশল বৰা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰলোকে।

কিন্তু কাজিৰঙাৰ কঁহৰা আৰক্ষী চকী আৰু বোকাখাত আৰক্ষী থানাই দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা গোচৰ ৰুজু কৰাটো বাদেই এজাহাৰো গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ,মন্ত্ৰী অতুল বৰাক হত্যাকাৰীক বিচাৰি উলিয়াই ন্যায় দিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়াটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.