
হিৰো নম্বৰ ওৱান গোবিন্দা ১২ নৱেম্বৰৰ মাজনিশা হঠাৎ নিজৰ ঘৰতে অচেতন হৈ পৰিল৷ ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ প্ৰশ্ন হয়, “কি কাৰণত গোবিন্দা হঠাৎ অচেতন হৈ পৰে?” খবৰ অনুসৰি গোবিন্দাৰ মূৰ ঘূৰণি হ’বলৈ আৰম্ভ কৰে প্ৰায় মঙলবাৰে নিশা ৮ বজাত ৷ যেতিয়া তেওঁৰ অস্বস্তি অনুভৱ হ’বলৈ ধৰিলে, তেতিয়া তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসকক ফোন কৰে ৷ তাৰ পিছত তেওঁক কিছু ঔষধ দিয়া হৈছিল যদিও পুৱা ১ বজাৰ ওচৰত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু হঠাৎ তেওঁৰ অৱস্থাৰ বেয়া হোৱাৰ ফলত হঠাৎ তেওঁ ঢলি পৰে ৷ লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়, য’ত তেওঁৰ সকলো পৰীক্ষা কৰোৱা হৈছে আৰু চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে ৷ চিকিৎসকৰ মতে, গোবিন্দা Disorientation (দিশহাৰা, বিভ্ৰান্তি বা দিশ হেৰুৱাই পেলোৱা) হৈ পৰিছিল ৷ অৰ্থাৎ হঠাৎ তেওঁৰ মূৰ ঘূৰোৱা যেন লাগিল আৰু চেতনা হেৰুৱাই পেলায় ৷ বৰ্তমান তেওঁ চিকিৎসালয়ত আছে আৰু চিকিৎসকে তেওঁক প্ৰতি মিনিটত নিৰীক্ষণ কৰি আছে ৷ বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁ বিপদৰ বাহিৰত আছে ৷
কি ৰোগৰ বাবে গোবিন্দা হঠাৎ অচেতন হৈ পৰে ? খবৰ অনুসৰি ইয়াৰ মূল কাৰণ হৈছে Disorientation, যাৰ অৰ্থ হৈছে দিশহাৰা, বিভ্ৰান্তি বা দিগবিদিগ হেৰুৱাই পেলোৱা ৷ এইটো কোনো পৃথক ৰোগ নহয়, বৰঞ্চ এটা লক্ষণহে ৷ অৰ্থাৎ মগজুৱে হঠাৎ কম অক্সিজেন লাভ কৰাৰ ফলত চেতনা হেৰুৱাই পেলায় ৷ চিকিৎসকৰ মতে, গোবিন্দাই পূৰ্বৰ গুলীৰ আঘাতৰ ফলত যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ হয়, যাৰ ফলত তেওঁৰ শৰীৰ খুবেই দুৰ্বল হৈ পৰিছিল ৷ এতিয়া তেওঁৰ বয়স ৬১ বছৰৰ ওপৰত ৷ কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে তেওঁ বুকুৰ বিষ অনুভৱ কৰিছিল, তাৰ পিছত তেওঁ মাজ বাটত এটা ৰোড শ্ব’ এৰি মুম্বাইলৈ উভতি আহিছিল ৷ হয়তো এই সকলোবোৰেই এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত স্নায়ু বিশেষজ্ঞ ডাঃ আনন্দ কুমাৰ ছাক্সেনাই এই সন্দৰ্ভত বিতংভাৱে কয় যে, এনে ক্ষেত্ৰত নিম্ন ৰক্তচাপ, ডিহাইড্ৰেচন, অনিয়মিত হৃদস্পন্দন বা ঔষধৰ পাৰ্শ্বক্ৰিয়াও ইয়াৰ কাৰণ হ’ব পাৰে ৷ ইতিমধ্যে গোবিন্দাৰ ৰক্তচাপৰ সমস্যাও আছে ৷ চিকিৎসকে কয় যে, তেওঁলোকে বৰ্তমান ইচিজি, তেজৰ পৰীক্ষা, ব্ৰেইন স্কেন আদি কৰি আছে ৷ যদি ৰক্তচাপ কমি যোৱাৰ বাবে এনে হয়, তেন্তে ঔষধে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে ৷ যদি কোনো দীৰ্ঘদিনীয়া হৃদযন্ত্ৰ বা মগজুৰ সমস্যা দেখিবলৈ পোৱা যায় তেন্তে চিকিৎসাৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ’ব ৷ সাধাৰণতে অজ্ঞান হোৱাটো সাধাৰণতে কোনো গুৰুতৰ বিষয় নহয় ৷ গৰম, ভোক বা মানসিক চাপৰ বাবে এনেকুৱা হ’ব পাৰে ৷ যদি বাৰে বাৰে বা ৬০ বছৰৰ ওপৰৰ কোনোবা এজনৰ ক্ষেত্ৰত হয় তেন্তে চিকিৎসক সজাগ হ’ব লাগে ৷ ই হাৰ্ট এটেক, ষ্ট্ৰোক বা ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস হোৱাৰ লক্ষণো হ’ব পাৰে ৷ চিকিৎসকৰ মতে, Syncope ত প্ৰতি বছৰে লাখ লাখ লোকে ভুগি আহিছে ৷ বেছিভাগেই সুস্থ হৈ উঠে যদিও ১০-২০ শতাংশ লোকৰ ক্ষেত্ৰত গুৰুতৰ লক্ষণ দেখিবলৈ পোৱা যায় ৷ কোনোবাই হঠাতে অজ্ঞান হৈ পৰিলে তৎক্ষণাত পৰীক্ষা কৰিব লাগে ৷

