অপৰাধঅসম

জীৱনক লৈ হেতালি! ফাৰ্মাছিত ওলাইছে কৰ্টনে কাৰ্টনে ম্যাদ যোৱা দৰব…

ডুমডুমাৰ চৰকাৰী চিকিৎসালয়ৰ সন্মুখৰ ফাৰ্মাছিত ম্যাদ উকলা দৰৱ বিক্ৰীৰ গুৰুতৰ অভিযোগ

জীৱনক লৈ হেতালি খেলিছে একাংশই! ফাৰ্মাছিত বিক্ৰী হৈছে ম্যাদ যোৱা ঔষধ।

ডুমডুমাৰ চৰকাৰী FRU চিকিৎসালয়ৰ সন্মুখৰ জান মেডিক’জ নামৰ ফাৰ্মাছিত ম্যাদ উকলা দৰৱ বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগৰ পাছতে ডুমডুমাৰ কেইবাটাও দল-সংগঠনৰ বিষয়ববীয়া এই জান মেডিক’জ নামৰ ফাৰ্মাছিখনত উপস্থিত হৈ অনুসন্ধান কৰাত বহু সংখ্যক ম্যাদ উকলা দৰৱ ধৰা পৰে।

উল্লেখযোগ্য যে, জান মেডিক’জ নামৰ এই ফাৰ্মাছিখন স্বত্বাধিকাৰীগৰাকী ডুমডুমা পৌৰসভাৰ প্ৰাক্তন সভাপতি দুলু আৰন্ধৰাৰ কন্যা তথা বৰ্তমান ২নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ গিতালী আৰন্ধৰা বুলি জানিব পৰা গৈছে। ডুমডুমা নগৰৰ চৰকাৰী চিকিৎসালয়ৰ সন্মুখতেই থকা এই ফাৰ্মাছিখনত কিদৰে ম্যাদ উকলা দৰৱ বেহা চলিছে তাক লৈ সচেতন মহলৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.