Covid-19অসম

এইবাৰ ৰাইজে পাতিব পাৰিবনে বিহু? সংবাদমেলত কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে?

আনহাতে, বিদ্যালয়-মহাবিদ্যালয় সমূহত পূৰ্বৰ দৰেই বাহাল থাকিব নিয়ম। কিন্তু ১৫ ৰ পৰা ১৮ বৰ্ষৰ ভিতৰৰ ছাত্র ছাত্ৰীয়ে পৰীক্ষাত বহিব লাগিব । ছাত্র-ছাত্ৰীসকলে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে সাৱধানতা। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত ইতিমধ্যে সাজু কৰি তোলা হৈছে ৪৪৯১ খন আইশ্বলেছন বিচনা। আজিৰে পৰা আৰম্ভ হ’ল সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰ । বুধবাৰে সৰুসজাইত ভৰ্তি কৰোৱা হয় ৬জন লোকক।

অসমত ক’ভিডৰ তৃতীয় ঢৌ চলি থকাৰ সময়তে সোণাপুৰৰ ডিগাৰুৰ এজন কিশোৰৰ দেহত ধৰা পৰিছে অমিক্ৰন। কামৰূপ জিলা প্ৰশাসনৰ মতে এতিয়াও লুকাই আছে ৰোহন দাস। কিন্তু স্বাস্থ্যমন্ত্ৰীৰ মতে ৰোহনৰ দেহত অমিক্ৰন ধৰা পৰা লগে লগে তেওঁৰ পৰিয়াল আৰু সংস্পৰ্শত অহা সকলৰ লগত যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে, বিদ্যালয়-মহাবিদ্যালয় সমূহত পূৰ্বৰ দৰেই বাহাল থাকিব নিয়ম। কিন্তু ১৫ ৰ পৰা ১৮ বৰ্ষৰ ভিতৰৰ ছাত্র ছাত্ৰীয়ে পৰীক্ষাত বহিব লাগিব । ছাত্র-ছাত্ৰীসকলে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক।

ৰাজ্যত মজুত আছে ক’ভিডৰ ৫লাখ Test kit। ইতিমধ্যে ১০লাখ অৰ্ডাৰ কৰা আছে। ক’ভিডৰ সংক্ৰমণৰ বাবে এইবাৰ বিহু হ’ব নে নহ’ব সেয়া বৃহস্পতিবাৰেহে স্পষ্ট কৰিব স্বাস্থ্য বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 4 =

Back to top button