অসমদৈনিক বাতৰি

ৰাজ্যত অব্যাহত বান গৰাখহনীয়াৰ তাণ্ডব! শোণিতপুৰৰ ৰঙাগড়াত বেলশিৰী নৈয়ে লৈছে খহনীয়াৰ কালৰূপ

ৰাজ্যত অব্যাহত বান গৰাখহনীয়াৰ তাণ্ডব! শোণিতপুৰৰ ৰঙাগড়াত বেলশিৰী নৈয়ে লৈছে খহনীয়াৰ কালৰূপ

ৰাজ্যত অব্যাহত আছে বান গৰাখহনীয়াৰ তাণ্ডব। শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩নং ৰঙাগড়াত বেলশিৰী নৈয়ে লৈছে খহনীয়াৰ কালৰূপ। বেলশিৰী নৈৰ বাঢ়নি পানীয়ে খহাইছে ৰঙাগড়াৰ মূল পথ।।ফলত বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে।

বিগত সময়তো এই ৩নং ৰঙাগড়াৰ কৃষি ভূমিকে ধৰি বহু বাসগৃহ জাহ গৈছিল বেলশিৰী নৈৰ বুকুত। বৰছলা সমষ্টিৰ বিধায়কে আহি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে যদিও, বৰ্তমানেও গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.