অসমদৈনিক বাতৰিমনোৰঞ্জন

‘আহিছিল সমগ্ৰ ভাৰত কিন্তু ৰৈ গ’ল কেৱল অসম’- দুই অসম সন্তানৰ গৌৰৱত বুকু ফুলিল অসমবাসীৰ

'আহিছিল সমগ্ৰ ভাৰত কিন্তু ৰৈ গ'ল কেৱল অসম'

কালি সম্প্ৰচাৰিত হ’ল ৰন্ধন প্ৰতিযোগীতাৰ ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ ৰ ফাইনেল। দেশবাসীয়ে পালে এজন নতুন মাষ্টাৰচেফ। গৌৰৱৰ বিষয় যে এই নতুন মাষ্টাৰ চেফ জন হৈছে অসমৰে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া। তাতোকৈয়ে গৌৰৱৰ বিষয় যে ফাইনেলৰ টপ-২ ত দুয়োগৰাকী প্ৰতিযোগীয়েই আছিল অসমৰ। জাগীৰোডৰ বোৱাৰী শান্তা পৱন শৰ্মা আৰুতিনিচুকীয়াৰ যুৱক নয়নজ্যোতি শইকীয়া আছিল মাষ্টাৰচেফ ছিজন ৭ ৰ শেষৰ দুগৰাকী ফাইনেলিষ্ট। চেফ ৰণবীৰ ব্ৰৰাই কয়-‘ এই পাকঘৰলৈ আহিছিল সমগ্ৰ ভাৰত কিন্তু ৰৈ গ’ল মাত্ৰ অসম, এয়া আপোনালোকৰ জয় নহয় এয়া অসমৰ জয় এয়া উত্তৰ-পূৰ্বাঞ্চলৰ জয়।’ এই বাক্যষাৰিয়ে যেন চুই গ’ল অসমবাসীক। এইটো নিশ্চিত যে এই মুহূৰ্তত অসমৰ এনে কোনো দৰ্শক নাছিল যাৰ চকুত চকুপানী নাছিল। গাৰ নোম শিয়ৰি উঠিছিল এই মুহূৰ্তটি দেখি। প্ৰতিজন অসমীয়াৰ বাবে এই ক্ষণ হৈ পৰিছিল আৱেগ আৰু গৌৰৱৰ ক্ষণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.