মনোৰঞ্জন

কপিল শৰ্মাৰ কি কথাত দুখ লাগিল অভিনেতা শ্বেইফ আলী খানৰ?

ইউটিউবত কপিল শৰ্মাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা যায় অভিনেতা ছেইফ আলী খান, জেকলিন ফাৰ্ণাণ্ডেজ আৰু য়ামি গৌতমক।

কৌতুক অভিনেতা কপিল শৰ্মা বহুতৰে প্ৰিয়। কপিল শৰ্মাৰ ৰিয়েলিটি শ্ব’ কপিল শৰ্মা শ্ব’ চাইয়ো বহুতেই আমোদ লয়।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰে কৌতুক শ্ব’টোৰ কেমেৰাৰ আঁৰৰ কিছু কাহিনী।
ইউটিউবত কপিল শৰ্মাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা যায় অভিনেতা ছেইফ আলী খান, জেকলিন ফাৰ্ণাণ্ডেজ আৰু য়ামি গৌতমক। Bhoot Police নামৰ চিনেমাখনৰ প্ৰম’চনৰ বাবে কপিল শৰ্মাৰ অনুষ্ঠানটোলৈ আহিছিল তেওঁলোক।

ইউটিউবত শ্বেয়াৰ কৰা BTS ভিডিঅ’টোৰ আৰম্ভণিতে শ্বেইফ আলী খানে কপিল শৰ্মাৰ ওচৰত অভিযোগ তুলি কয় যে, ” মই আপোনাৰ সৈতে ১০ টা শ্ব’ কৰিছো, কিন্তু ইয়াত মোৰ এখনো ফটো নাই। কিন্তু এইজন চাহাবৰ ফটো আছে(শক্তি কাপুৰৰ ফটোলৈ আঙুলিয়াই)”। অভিনেতা শ্বেইফ আলী খানৰ এই মন্তব্যই কপিল শৰ্মাৰ লগতে সেই স্থানত উপস্থিত সকলোকে হতবাক কৰি তোলে।

ভিডিঅ’টিৰ শেষৰ ফালে যেতিয়া শ্বেইফ আলী খানক কপিল শৰ্মা শ্ব’ত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়া অভিনেতাগৰাকীয়ে পুনৰ কয় যে, “মই ইয়ালৈ ১০ বাৰ আহিছো। কিন্তু এতিয়ালৈকে গ্ৰীণ ৰুমত মোৰ ফটো লগোৱা নাই, যিটো কথাই মোক আঘাত দিছে।” অৱশ্যে তেওঁ কপিল শৰ্মাৰ শ্ব’ৰ চেটটোৰ নতুন সাজ-সজ্জাৰ লগতে অনুষ্ঠানৰো প্ৰশংসা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.