অসম

অসমলৈ আহিব ৰাষ্ট্ৰপতি, মহানগৰবাসীক কি কি নিৰ্দেশনা মানি চলাৰ আহ্বান GMCৰ…

পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ এটি, এমজি, তৈইবুল্লা, বি বৰুৱা , জি এছ ৰোড,পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল

২৫ ফেব্রুৱাৰীত অসমলৈ আহিব ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে তৎপৰ হৈ পৰিছে মহানগৰ প্রশাসন। সজাই-পৰাই তোলা হৈছে গুৱাহাটী। বুধবাৰে সন্ধিয়া গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন পৌৰ নিগম আয়ুক্তৰ। সংবাদমেলত উপস্থিত যান-বাহন আৰক্ষী। ৰাষ্ট্ৰপতিৰ আগমনক লৈ GMCৰ আহ্বান-

◼️মহানগৰখন পৰিষ্কাৰ কৰি ৰখাৰ আহ্বান GMCৰ

◼️চাফ-চিকুণকৈ ৰাখিব লাগিব পদপথৰ দোকানসমূহ

◼️সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো বিশেষ নিষেধাজ্ঞা

◼️২৫ ফেব্রুৱাৰীত GS ৰোডত নচলে সামগ্রী কঢ়িওৱা বাহন

◼️২৫ ফেব্রুৱাৰীত কামাখ্যালৈ নতুন পথেৰে যোৱাৰ আহ্বান

◼️২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা

◼️২৫ তাৰিখে নামনিৰ পৰা অহা বাহন জালুকবাৰীৰ পৰা চিটীৰ ভিতৰলৈ প্ৰৱেশ নকৰি হাইৱে’ হৈ যাব

◼️পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ এটি, এমজি, তৈইবুল্লা, বি বৰুৱা , জি এছ ৰোড,পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল

◼️ৰাষ্ট্রপতি ভ্ৰমণৰ সময়ত যান-জঁট সৃষ্টি নকৰিবলৈ আহ্বান

◼️বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ যাব ৰাষ্ট্রপতি

◼️১১.২০ৰ পৰা ১২.১৫ বজালৈ পথচোৱা খালী ৰখাৰ আহ্বান

◼️২৫ ফেব্রুৱাৰীত নামনি অসমৰ পৰা অহা কোনো বাহন সোমাব নোৱাৰিব গুৱাহাটীত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + one =

Back to top button