AssamCity newsঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

ঢকুৱাখনাবাসীলৈ আহিছে মহা সংকট….. ব্ৰহ্মপুত্ৰই উটুৱাই নিলে কোটি টকাৰ জিঅ’ বেগ……

ঢকুৱাখনাবাসীলৈ আহিছে মহা সংকট। ব্ৰহ্মপুত্ৰই উটুৱাই নিলে কোটি টকাৰ জিঅ’ বেগ। সমাগত বাৰিষা। আগতীয়াকৈ অহা মুষলধাৰ বৰষুণৰ ফলত ফেন ফুটুকাৰে জলস্তৰ বৃদ্ধি পাইছে নদীৰ। ঢকুৱাখনাৰ ভৌগলিক পৰিসীমাৰ কাষেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ বুকুও উঠিছে উফন্দি। ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰবাহিত প্ৰচণ্ড সোঁতৰ সংহাৰী ৰূপে অশনি সংকেত মাতি আনিছে ঢকুৱাখনা আৰু মাজুলীৰ ভৌগোলিক অস্তিত্বলৈ। ঢকুৱাখনাৰ  লগতে নদী দ্বীপ মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীৰ ৬ নং বান্দেনা স্পাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে ভয়াৱহ ৰূপ। বিগত এটা মাহৰ ভিতৰত ২০০ মিটাৰৰো অধিক খহিছে নৈৰ পাৰ। উচন হ’ল কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনি। স্পাৰটোৰ উজনিত  প্ৰায় ১০ কোটি টকা ব্যয়ৰে সংস্থাপন কৰা ১৫ খন পাৰকুপাই স্ক্ৰীন উটুৱাই নিলে পানীয়ে। অথচ এই ভয়ংকৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ বিৰুদ্ধে। ফুটুকাৰ ফেনত পৰিণত বানমুক্ত ঢকুৱাখনাৰ প্ৰতিশ্ৰুতি। ১৭কোটি নতুন আঁচনি এখনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশঙ্কা ঘনীভূত হৈছে। পৰিণতিত  এক ভয়ানক পৰিস্থিতিৰ ইংগিত প্ৰদান কৰিছে ঢকুৱাখনালৈ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.