চাকৰিদৈনিক বাতৰিভাৰত
Trending
গেৰুৱা হ’ব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ
আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰৰ পৰা বিজেপিৰ টিকট লাভ কৰাৰ সম্ভাৱনা

গেৰুৱা হ’ব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ। আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগ দিব আনন্দ মিশ্ৰই ।
আনন্দ মিশ্ৰই ২০১১ চনতে IPS ৰ চাকৰিত যোগদান কৰিছিল। কিন্তু ২০২৩ চনৰ শেষৰ পিনে IPS ৰ চাকৰি ত্যাগ কৰি যোগ দিছিল ৰাজনীতিত। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াই চতুৰ্থ স্থানত থাকি ৪৭,৪০৯ টা ভোট লাভ কৰে মিশ্ৰই।
আনন্দ মিশ্ৰ জন স্বৰাজ পাৰ্টীৰ এগৰাকী সক্ৰিয় নেতা আছিল আৰু যুৱ সভাপতি পদৰ প্ৰাৰ্থীও আছিল ।
জানিব পৰা মতে, এইবাৰ বিহাৰৰ বক্সাৰৰ পৰা বিজেপিৰ টিকট লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা ।