অসমআঞ্চলিক

অশান্ত জীয়াঢলৰ কালৰূপ, জীয়াঢলত উটি গ’ল মাছমৰীয়া…

সোমবাৰে জীয়াঢলত মাছ মৰাৰ উদ্দেশ্যে জীয়াঢলমুখৰ পৰা ভৈয়ামলৈ নামি আহিছিল ৮ গৰাকী মাছমৰীয়া

ধেমাজিৰ জীয়াঢলমুখত অঘটন। হঠাতে বাঢ়ি অহা জীয়াঢল নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ’ল ৩ গৰাকীকৈ মাছমৰীয়া।

সোমবাৰে জীয়াঢলত মাছ মৰাৰ উদ্দেশ্যে জীয়াঢলমুখৰ পৰা ভৈয়ামলৈ নামি আহিছিল ৮ গৰাকী মাছমৰীয়া। মাছ মাৰি থাকোতে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত অসহায় হৈ পৰে মাছমৰীয়াসকল। পানীৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়ে ৩ গৰাকী মাছমৰীয়াক।

এতিয়ালৈকে ৩ গৰাকী লোকৰ এজনো সন্ধান পোৱা নাই। সন্ধানহীন হৈ থকা লোককেইজন ক্ৰমে প্ৰদীপ নৰহ(৪৫), বিনেশ্বাৰ মিলি (২৫) চুলিৰাম পায়েং (৫০)।

অৱশ্যে এতিয়ালৈকে জিলা প্ৰশাসনে মাছমৰীয়াকেইজনক উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.