অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীপ্ৰতিৰক্ষা

নিশাৰ আন্ধাৰত গুৱাহাটীত অসুৰক্ষিত মহিলা তথা যুৱতী

এতিয়া আৰু চিন্তাৰ প্ৰয়োজন নাই

মাথোঁ এটা ছুইচৰ সহায়ত সুৰক্ষা পাব মহিলা-যুৱতীয়ে।
মহানগৰীত স্থাপন Emergency Call Box…
নিশাৰ আন্ধাৰত গুৱাহাটীত অসুৰক্ষিত হৈ পৰে মহিলা তথা যুৱতী। পিছে এতিয়া আৰু চিন্তাৰ প্ৰয়োজন নাই। মহিলা আৰু যুৱতীক জৰুৰীকালীন সময়ত সহায়ৰ বাবে স্মাৰ্ট চিটি লিমিটেডে ২০ টাকৈ স্থানত স্থাপন কৰিব Emergency Call Box.
য’ত অসুৰক্ষিত বা বিপদত পৰা মহিলা তথা যুৱতীয়ে এটা বুটাম টিপিয়াই অসহায়ৰ কাৰণ জনালেই সহায়ৰ বাবে উপস্থিত হ’ব আৰক্ষী। সহায় বিচৰাৰ মাত্ৰ কেইটামান মূহুৰ্তৰ পিছতেই সেই যুৱতী গৰাকীক সহায়ৰ বাবে উপস্থিত হ’বহি আৰক্ষীৰ দল। কাৰণ ২৪ ঘণ্টাই আৰক্ষীৰ দলে নিৰিক্ষণত ৰাখিব স্থান সমূহ। call box ত থাকিব এটা আপদকালীন ছুইছ, থাকিব অসুবিধা জনাবলৈ বিশেষ মাইক। বক্সৰ চৌদিশে থাকিব অত্যাধুনিক কেমেৰা।
অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰখনক সূৰক্ষা দিবলৈ লোৱা ব্যৱস্থাৰ অন্যতম intelligent city servillance system। জৰুৰীকালীন অৱস্থাত এগৰাকী মহিলা তথা যুৱতীক সহায় কৰিব পৰাকৈ সাজু কৰা হৈছে এই emergency call box. এই box ত থকা বুটাম টিপি সহায় বিচাৰা প্ৰতিগৰাকী মহিলাৰ সমস্যা নিৰিক্ষণ কৰি তৎকালিন সহায় কৰিব আৰক্ষীয়ে! পিছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এই প্দক্ষেপ আদৰণীয় যদিও কিমান ফলপ্ৰসু হ’ব সেয়া সময়ত হ’ব লক্ষ্যণীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button