অসমঅসম আৰক্ষীশ্ৰেণীবিহীন

ৰাজপথত আন্দোলন কৰাসকল সাৱধান! সৰ্বতো প্ৰকাৰে নাকি লগোৱাৰ প্ৰস্তুতি…

ৰাজপথত আন্দোলন কৰা সকলক সৰ্বতো প্ৰকাৰে নাকি লগোৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগ সাজু হৈছে। প্ৰতিবাদকাৰী তথা আন্দোলনকাৰীৰ বিৰুদ্ধে আইন প্ৰনয়নৰ পিছত কেৱল আৰক্ষীয়েই নহয়, অৰ্ধসামৰিক বাহিনীকো দিয়া হৈছে বিশেষ প্ৰশিক্ষণ

ৰাজপথত আন্দোলন কৰাসকল সাৱধান। ৰাজপথত আন্দোলন কৰা সকলক সৰ্বতো প্ৰকাৰে নাকি লগোৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগ সাজু হৈছে। প্ৰতিবাদকাৰী তথা আন্দোলনকাৰীৰ বিৰুদ্ধে আইন প্ৰনয়নৰ পিছত কেৱল আৰক্ষীয়েই নহয়, অৰ্ধসামৰিক বাহিনীকো দিয়া হৈছে বিশেষ প্ৰশিক্ষণ। উত্তৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৭৫ বেটালিয়ন কেম্পত এই উদ্দেশ্যে বেটালিয়নসকলক এঘাৰ দিনীয়াকৈ দিয়া হয় এক বিশেষ প্ৰশিক্ষণ। মং ১২৫ বেটালিয়নৰ ৫০ গৰাকী বেটালিয়নক ১২০ বেটালিয়ন টিমে প্ৰশিক্ষণ দিয়ে।

প্ৰতিবাদকাৰীসকলক যিকোনো উপায়ে ছত্ৰভংগ দিবলৈ আৰু প্ৰতিবাদকাৰীৰ কোনো ক্ষতি নোহোৱাকৈ নিয়ন্ত্ৰণৰ বাবে, RIOT CONTROL REFRESHER TRAINING শীৰ্ষক এই প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ বাবে ১২০ বিশেষ বেটাৰিয়ন টিমে প্ৰশিক্ষণ দিয়ে আৰু আজি সামৰণি অনুষ্ঠানত কেম্পৰ চৌহদত চুড়ান্ত ড্ৰীলৰ প্ৰদৰ্শন হয়। পিছত বেটালিয়ন সকলক উদ্দেশ্যি DIGP অনিল কুমাৰে পৰামৰ্শমুলক ভাষণ দিয়ে।

বেটালিয়ন সকলৰ সুখ দুখৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে সেৱাৰ মনোবৃত্তিৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে।

আদৰণি অনুষ্ঠানত কমাণ্ডাৰ সৌৰভ শৰ্মাই ভাষণত কয়, এতিয়া আইন কানুনৰ সমস্যা জটিল হৈ পৰিছে আৰু এই সমস্যা শান্তিপূৰ্ণভাবে সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। উল্লেখ্য যে প্ৰশিক্ষিত বেটালিয়ন সকলক কামৰূপ জিলাত আবশ্যক অনুযায়ী নিযুক্ত কৰা হ’ব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.