তিনিমহলীয়া অট্টালিকাত ভয়ংকৰ জুই, লেলিহান শিখাত মৃত্যু ২৭জন লোকৰ…
উল্লেখ্য যে, অগ্নিৰ সূত্ৰপাত হোৱা তিনিমহলীয়া অট্টালিকাটো ব্যক্তিগত কোম্পানীৰ কাৰ্যালয়ৰ বাবে দিয়া হৈছিল। আনহাতে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা অট্টালিকাটোৰ প্ৰথম মহলাত CCTV কেমেৰা আৰু Router উৎপাদনকাৰী কোম্পানী আছিল বুলি জানিব পৰা গৈছে।
পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ সমীপত অঘটন। শুকুৰবাৰে বিয়লি দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ সমীপৰ এটা তিনিমহলীয়া বাণিজ্যিক অট্টালিকাত সূত্ৰপাত হয় অগ্নিৰ।

অট্টালিকাটোত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাবটি লয় ২৭জন লোকে। আনহাতে, এই ঘটনাত আহত হৈছে ১২জন লোক। আনকি নিজৰ প্ৰাণ ৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জপিয়ালে একাংশই।
Delhi: At least 27 killed, many injured in Mundka building fire; rescue operation on https://t.co/do6N0nqNJc #DeliPolice #Mundkacommercialbuilding pic.twitter.com/nJxnFbTCtQ
— Oneindia News (@Oneindia) May 14, 2022
আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ওচৰৰে সঞ্জয় গান্ধী হাস্পতাললৈ। ইয়াৰে কেইজনমান লোকৰ শৰীৰৰ আধা অংশ জ্বলি যোৱা বুলি জানিব পৰা গৈছে। অট্টালিকাটোত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। ১৫খন অগ্নিনিৰ্বাপক বাহন ৰখা হৈছে আৱদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে। এতিয়ালৈকে অট্টালিকাৰ দুটা মহলৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ৫০-৬০জন লোক। ইতিমধ্যে, আৰক্ষীয়ে আটক কৰিছে অট্টালিকাটোৰ গৰাকী হৰিশ গোৱেল আৰু বৰুণ গোৱেলক।
উল্লেখ্য যে, অগ্নিৰ সূত্ৰপাত হোৱা তিনিমহলীয়া অট্টালিকাটো ব্যক্তিগত কোম্পানীৰ কাৰ্যালয়ৰ বাবে দিয়া হৈছিল। আনহাতে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা অট্টালিকাটোৰ প্ৰথম মহলাত CCTV কেমেৰা আৰু Router উৎপাদনকাৰী কোম্পানী আছিল বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতেই শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Extremely saddened by the loss of lives due to a tragic fire in Delhi. My thoughts are with the bereaved families. I wish the injured a speedy recovery.
— Narendra Modi (@narendramodi) May 13, 2022

