AssamCity newsleatest updatenationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

শ্বেইখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিবলৈ হেঁচা প্ৰয়োগ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ….

ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ পদচ্যুত পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক বিচাৰি ভাৰতলৈ পত্ৰ। শ্বেইখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিবলৈ হেঁচা প্ৰয়োগ কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। বাংলাদেশৰ বৈদেশিক দপ্তৰৰ উপদেষ্টা তৌহিদ হুছেইনে প্ৰকাশ কৰিছে এই তথ্য। প্ৰকাশিত তথ্য অনুসৰি হাছিনাৰ প্ৰত্যাৰ্পণৰ বাবে ভাৰতক পত্ৰ প্ৰেৰণ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে। উল্লেখ্য যে বিগত ৫ আগষ্টত বাংলাদেশত তীব্ৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে দেশ এৰি পলায়ন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। বাংলাদেশৰ সৈতে থকা অপৰাধী হস্তান্তৰ সম্পৰ্কীয় প্ৰত্যৰ্পণ চুক্তিৰ আধাৰত বাংলাদেশে শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণ দাবী কৰিছে। বাংলাদেশৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰিছে ২২৫টাৰো অধিক অপৰাধমূলক গোচৰ। হত্যা, অপহৰণ আদিকে ধৰি দেশদ্ৰোহীতাৰ গোচৰত অভিযুক্ত শ্বেইখ হাছিনাক লৈ এতিয়া ভাৰত বাংলাদেশৰ মাজত প্ৰভাৱিত হৈছে কূটনৈতিক সম্পৰ্কৰ।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.