অসমআঞ্চলিক

Flipkartয়ে ঠগিলে! দামী ঘড়ীৰ পৰিৱৰ্তে আহিল দুটা পিয়াজ

অনলাইন শ্বপিং কৰাৰ অভ্যাস আপোনাৰ আছে নেকি? যদি আছে তেন্তে সাৱধান...

Flipcartএ ঠগিলে! দামী ঘড়ীৰ পৰিৱৰ্তে আহিল দুটা পিয়াজ…

ঘড়ীৰ বাকচত Flipcartয়ে পঠিয়ালে দুটা পিয়াজ, অনলাইনত অৰ্ডাৰ দিয়া হৈছিল হাতঘড়ী কিন্তু তাৰ বিপৰীতে গ্ৰাহকে লাভ কৰিলে দুটা পিয়াজ। চিৰাঙৰ পানবাৰীত সংঘটিত হৈছে এই ঘটনা৷ ঘটনা অনুযায়ী পানবাৰী অঞ্চলৰ মহিদুল ইছলাম নামৰ এজন লোকে কিছুদিন পূৰ্বে ফ্লিপকাৰ্টত অনলাইনযোগে এটা হাত ঘড়ী অৰ্ডাৰ কৰিছিল।

অৰ্ডাৰ পিছত বিজনীৰ ডেলিভাৰী বয় প্ৰশান্ত কৰ্মকাৰ আৰু সুব্ৰত মল্লিকে মহিদুল ইছলামক অৰ্ডাৰ কৰা পাৰ্চেল প্ৰদান কৰি নিয়ম অনুসৰি পাৰ্চেলৰ মূল্য ১৪৯৯ টকা লয়। কিন্তু ডেলিভাৰী বয় দুজনৰ সন্মুখতে পাৰ্চেল খোলাৰ পিছত গ্ৰাহক মহিদুল ইছলামৰ চকু কপালত উঠে।

কাৰণ পাৰ্চেলটোৰ ভিতৰৰ পৰা ঘড়ীৰ ঠাইত ওলাই পৰে দুটাকৈ পিয়াজ । প্ৰৱঞ্চনাৰ চিকাৰ হোৱা গ্ৰাহকজনে টকা ওভতাই বিচাৰে, পাৰ্চেলৰ বাবদ লোৱা ১৪৯৯ টকা মহিদুল ইছলামক ওভতাই দিয়াত পৰিস্থিতিৰ শাম কাটে । কিন্তু ফ্লিপকাৰ্টৰ দৰে এটা আগশাৰীৰ অনলাইন প্ৰতিষ্ঠান এটাই গ্ৰাহকক প্ৰবঞ্চনা কৰা বিষয়টোয়ে এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.