অভিনয়অসমজীৱনশৈলীভাৰত

হিন্দী ধাৰাবাহিকত নতুন মুখ, ভুমুকি মাৰিব জনপ্ৰিয় অসমীয়া অভিনেত্ৰী সুৰভি দাসে

কালাৰছ টি.ভি.ৰ নতুন ধাৰাবাহিক 'Nima Denzongpa'ত ভুমুকি মাৰিব উত্তৰ-পূবৰ জীয়ৰী, অসমীয়া ছবিজগতৰ এখন চিনাকী মুখ, অভিনেত্ৰী সুৰভী দাসে

কালাৰছ টি.ভি.ৰ নতুন ধাৰাবাহিক ‘Nima Denzongpa’ত ভুমুকি মাৰিব উত্তৰ-পূবৰ জীয়ৰী, অসমীয়া ছবিজগতৰ এখন চিনাকী মুখ, অভিনেত্ৰী সুৰভী দাসে।

অসমীয়া জনপ্ৰিয় ধাৰাবাহিক ‘পৰিণীতা’  আৰু ‘আহিনৰ আবেলি’ৰ লগতে বহুকেইখন জনপ্ৰিয় চুটি ছবি, অসমীয়া গানত সুন্দৰ অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা সুৰভি দাসক দেখা পোৱা যাব কালাৰছ টিভিৰ এখন নতুন ধাৰাবাহিকত। এই ধাৰাবাহিকখন হৈছে ‘Nima Denzongpa’। উত্তৰ-পূবৰ ৰাজ্য ছিকিমৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ধাৰাবাহিকখন।

উল্লেখযোগ্য যে, ‘Nima Denzongpa’ত  ছিকিমৰ এজনী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিব সুৰভি দাসে। ছিকিমৰ ছোৱালীৰ চৰিত্ৰত অসম কন্যাগৰাকীয়ে অভিনয়ৰ সুযোগ পোৱাত এতিয়া সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে অভিনেত্ৰীগৰাকীক। তেখেতৰ অভিনয় যাত্ৰাৰ বাবে জ্ঞাপন কৰিলো যথেষ্ট শুভকামনা। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক অসম অভিনেত্ৰী সুৰভি দাস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.