Educationঅসম

ঘোষণা হ’ল ২০২১ বৰ্ষৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল, উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ

এই পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ

ঘোষণা হ’ল ২০২১ বৰ্ষৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। মেট্ৰিক পৰীক্ষাৰ সমান্তৰালকৈ ঘোষণা কৰা হ’ল হাইমাদ্ৰাছাৰ ফলাফল।

এই পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৮৩ শতাংশ। সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১২,২৭৫ গৰাকী।

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,৭৫৯গৰাকী পৰীক্ষাৰ্থী। দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৫৮৬গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ ৪,০৯৩গৰাকী। সৰ্বমুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থী ১১,৪৩৮ গৰাকী।

ডিষ্টিংচনসহ উত্তীৰ্ণ ৮৩গৰাকী। ষ্টাৰমাৰ্কসহ উত্তীৰ্ণ ২৮৮গৰাকী। হাইমাদ্ৰাছা পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ওদালগুৰি জিলা। ৮০.৭০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন বঙাইগাঁও জিলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.