অপৰাধঅসম

মেচিনেৰে কাটি নলাত দলিয়াই পেলোৱা হৈছিল খানাপাৰাত উদ্ধাৰ হোৱা অচিনাক্ত মহিলাৰ মৃতদেহ!

খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপত এটা নলাত উদ্ধাৰ কৰা হৈছিল মৃত দেহৰ অৰ্ধাংশ। পলিথিনত টুকুৰা টুকুৰ কৰি ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো।

শনিবাৰে মহানগৰীত পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ।

খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপত এটা নলাত উদ্ধাৰ কৰা হৈছিল মৃত দেহৰ অৰ্ধাংশ। পলিথিনত টুকুৰা টুকুৰ কৰি ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো। পলিথিনৰ ভিতৰত পোৱা গৈছিল মহিলাগৰাকীৰ ভৰি। মহিলাগৰাকীক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীৰ।

খানাপাৰাত উদ্ধাৰ হোৱা ভৰি দুখন কোনো দুৰ্বৃত্তই মেচিনেৰে কটাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ, মহিলাগৰাকীৰ মৃত্যুৰ বহু পাছত কটা হৈছিল শৰীৰৰ অংগ। সেইবাবে মৃতদেহৰ পৰা ওলোৱা নাছিল তেজ। আজি ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব উদ্ধাৰ হোৱা শৰীৰৰ অংগ। DNA পৰীক্ষাৰ বাবেও হাঁড়ৰ নমুনা প্ৰেৰণ কৰা হৈছে ফৰেনছিকলৈ।

ফৰেনছিকৰ ৰিজাল্ট আহিলেহে পৰৱৰ্তী সময়ত গম পোৱা যাব ঘটনাৰ প্ৰকৃত ৰহস্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.