ভাৰতৰাজনৈতিক

দেহৰক্ষীয়ে ৩১ টা বুলেটেৰে থকা-সৰকা কৰিছিল ইন্দিৰাক, মৰিও অমৰ হৈ ৰ’ল দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী

১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত সৱল নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰীৰাকীক পৰৱৰ্তী সময়ত ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছিল। জীৱিত কালত দৰিদ্ৰতা নিৰ্মূলকৰণ, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিছিল ইন্দিৰা গান্ধীয়ে।

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিন। ভাৰতৰ আইৰণ লেডী হিচাপে পৰিচিত ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। ১৯৮৪ চনৰ ৩১ অক্টোবৰত ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল।

১৯১৭ চনৰ ১৯ নৱেম্বৰত পণ্ডিত জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীয়ে। সৰুৰে পৰা ৰাজনৈতিক পৰিৱেশত ডাঙৰ হোৱা ইন্দিৰা গান্ধী, ১৯৬৬ চনত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী। তেতিয়াৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক বিয়োগৰ পিছতে প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব লৈছিল ইন্দিৰাই।

তে

দেহৰক্ষীয়ে ৩১ টা বুলেটেৰে থকা-সৰকা কৰিছিল ইন্দিৰাক, মৰিও অমৰ হৈ ৰ'ল দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী

ওঁ আছিল ভাৰতৰ দ্বিতীয়গৰাকী দীৰ্ঘকালীন সময়ৰ বাবে হোৱা প্ৰধানমন্ত্ৰী। ১৯৬৬ চনৰ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ মাৰ্চলৈকে আৰু ১৯৮০ চনৰ জানুৱাৰীৰ পৰা ১৯৮৪ চনৰ অক্টোবৰলৈকে প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিছিল নেত্ৰীগৰাকীয়ে।

১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত সৱল নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰীৰাকীক পৰৱৰ্তী সময়ত ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছিল। জীৱিত কালত দৰিদ্ৰতা নিৰ্মূলকৰণ, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিছিল ইন্দিৰা গান্ধীয়ে।

দেহৰক্ষীয়ে ৩১ টা বুলেটেৰে থকা-সৰকা কৰিছিল ইন্দিৰাক, মৰিও অমৰ হৈ ৰ'ল দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী

১৯৮৪ চনত, পঞ্জাৱ বিদ্ৰোহৰ মোকাবিলা কৰিবলৈ অপাৰেচন ব্লু ষ্টাৰৰ অধীনত হৰমন্দিৰ চাহিবত অস্ত্ৰ মজুত ৰখা পঞ্জাৱৰ বিদ্ৰোহীসকলক ৰোধ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ কঠোৰভাৱে সমালোচিত হৈছিল।

দেহৰক্ষীয়ে ৩১ টা বুলেটেৰে থকা-সৰকা কৰিছিল ইন্দিৰাক, মৰিও অমৰ হৈ ৰ'ল দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী

তাৰ পৰৱৰ্তী সময়ত উক্ত বৰ্ষৰ ৩১ অক্টোবৰত নিজৰে দুজন শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল ইন্দিৰা গান্ধীক। দেহৰক্ষীয়ে ৩১ টা বুলেটেৰে থকা-সৰকা কৰিছিল গান্ধীক।

ইন্দিৰা গান্ধীৰ মৃত্যুৰ লগে-লগে অৱসান ঘটিল এটা যুগৰ। পিছে মৰিও সদায় অমৰ হৈ ৰ’ল ইন্দিৰা গান্ধী। তেখেতৰ আদৰ্শৰে এতিয়াও উদ্ভাসিত বহুজন। ১৯৯৯ চনত BBCয়ে ইন্দিৰা গান্ধীক তেখেতৰ জীৱনজোৰা অৱদানৰ বাবে Woman of the Millennium হিচাপে ঘোষণা কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 6 =

Back to top button