leatest updateঅসমঅসম আৰক্ষীদৈনিক বাতৰি

ঋণ প্ৰদানৰ নামত ভয়ংকৰ জালিয়াতি। প্ৰতিবাদত নামিল ভুক্তভোগী গ্ৰাহক।

তথ্য নোহোৱাকৈ প্ৰায় ৩৬ জনৰো অধিক লোকৰ নামত কে চি চি ঋণ পোৱাৰ অভিযোগ।

পোহৰলৈ আহিছে নগাঁৱৰ পুৰণিগুদাম চলচলিস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত কেচিচি ঋণ প্ৰদানৰ নামত ভয়ংকৰ জালিয়াতিৰ তথ্য । কেচিচি ঋণ প্ৰদানৰ নামত হোৱা এই জালিয়াতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন ভুক্তভোগী গ্ৰাহকৰ। বেংক শাখাটোত কোনোধৰণৰ তথ্য নোহোৱাকৈ প্ৰায় ৩৬ জনৰো অধিক লোকৰ নামত কে চি চি ঋণ পোৱাৰ অভিযোগ।

প্ৰতিগৰাকী লোকৰ বিপৰীতে ১ লাখ ১৮ হাজাৰকৈ টকা একাউণ্টত সোমোৱা ঘটনাই চিন্তিত কৰি তুলিছে ভুক্তভোগী ৰাইজক ৷ এই ঋণ বেংক শাখাটোত অনুমোদন হোৱাৰ উপৰিও হিতাধিকাৰী সকলে কোনো উইড্ৰেলত চহী নকৰাকৈ সমূদায় ধন একাউণ্টৰ পৰা উঠাই নিয়াৰ অভিযোগো উত্থাপন। এই ক্ষেত্ৰত স্থানীয় এগৰাকী যুৱকৰ নাম সাঙোৰ খোৱাৰ লগতে দালাল চক্ৰ আৰু বেংক কৰ্তৃপক্ষ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী গ্ৰাহক সকলে। ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.